কলগাছিয়া, সংবাদ ৩৬৫, ৭ জুলাই : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মানিকপুৰ আৰু ইছবপুৰ গাঁৱত বিগত দহ দিন ধৰি আৰম্ভ হৈছে আই আৰু মানাহ নদীৰ ভয়াবহ গৰাখহনীয়া । খহনীয়াই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰি কলগাছিয়া ৰাজহ চক্ৰৰ মানিকপুৰ গাঁৱৰ মোতালেব আলী, মহৰ আলী, শফিকুল ইছলাম আৰু তহৰ আলীৰ লগতে সৃজনগ্ৰাম ৰাহজ চক্ৰৰ অন্তৰ্গত মৰনৈ পাৰা গাঁৱৰ ওচমান গণি, আফজালুৰ ৰহমান আৰু ৰহম আলী আদি কৰি প্ৰায় ২০ টকাকৈ পৰিয়ালৰ ভেটি-মাটি আই আৰু মানাহ নদীৰ প্ৰৱল গৰাখহনীয়াই উছন কৰিছে। ফলত সৰ্বহাৰা হৈ পৰিছে পৰিয়াল সমূহ ।

ইয়াৰ উপৰিও শতাধিক পৰিয়ালৰ খেতি বাতি খহনীয়াই বিধ্বস্ত হৈছে । খহনীয়াত লোক সকলে নিজাববীয়াকৈ নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হাহাকাৰৰ সৃষ্টি হৈছে ।

ইফালে সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰপৰা কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনায় ।