গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাই : আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰা হ’ল জু ৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া । প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত জু ৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত । ১৪ দিনৰ ন্যায়িক জিম্মা লৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজন অভিযুক্তক কিন্তু আশ্চৰ্যজনক ভাৱে এন আই এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্তক ।

উল্লেখযোগ্য যে ৰাজ্যৰ লগতে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উখল-মাখল পৰিৱেশেৰ মাজতে ১৫ মে’ত মহানগৰীৰ জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত হয় এক গ্ৰেনেড বিস্ফোৰণ। আৰক্ষীৰ নিয়মীয়া তালাচী চলি থকাৰ সময়তে দুৰ্বৃত্তই আৰক্ষীলৈ নিক্ষেপ কৰে গ্ৰেনেড । তাৰ পাছতে বৃহস্পতিবাৰে পুৱা চাৰি বজাৰে পৰা জু ৰোডৰ গ্ৰেনেড বিস্ফোৰণ ঘটনাৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা ভাৰাঘৰত চলা আৰক্ষীৰ অভিযানত আটক কৰা হৈছিল আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক । ইয়াৰ পাছতে উক্ত ঘটনাৰ লগত জড়িত আন অভিযুক্ত কেইগৰাকীক আটক কৰে আৰক্ষীয়ে ।

আজি আদালতত হাজিৰ কৰোৱা অভিযুক্ত কেইজন ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্মই লহকৰ, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰ ।

বিস্ফোৰণ সন্দৰ্ভত কোনো মুখ খোলা নাই জাহ্নৱী শইকীয়াই । ইফালে প্ৰাণময় ৰাজগুৰুৱে সংবাদ মাধ্যমৰ আগত তদন্তৰ সন্দৰ্ভত কয় ” তদন্ত চলি আছে। আপোনালোকে ৰজাঘৰীয়া হৈ সাংবাদিকতা কৰে নে ৰাইজৰ হৈ কৰে সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। বৈপ্লৱিক পৰিৱৰ্তনত সাংবাদিকতাৰ প্ৰয়োজন আছে । অসম তথা ভাৰবৰ্ষৰ সাংবাদিকতাই জনগণৰ স্বাৰ্থ পূৰণ কৰিব । তদন্ত চলি আছে । আমি দোষী নহয় । ”

আনহাতে অভিযুক্ত অমৃত বল্লভ গোস্বামীয়ে কয় ” নিৰ্দোষী মানুহক জড়িত কৰোৱা হৈছে । উচিত তদন্তৰ বিচাৰো।”

উল্লেখযোগ্য যে ২ আগষ্টত পুনৰ এন আই এৰ আদালতত হাজিৰ কৰোৱা হব ৭ অভিযুক্তক । ইয়াৰ পূৰ্বেও আলফাৰ কূটাঘাতৰ বহুকেইটা গোচৰ ৰুজু কৰিছিল এন আই এই।