নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : ৰাজ্যৰ চাৰিওফালে বানৰ বিভীষিকাময় পৰিস্থিতি । বানৰ প্ৰভাৱত ৰাষ্ট্ৰীয় উদ্যানসমূহো । পানীৰ বাবে নিৰাপদ আশ্ৰয়ৰ বাবে হাহাকাৰ বন্যপ্ৰাণীসমূহৰ । এনে সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘক দেখা পোৱা গল কাজিৰঙাৰ এটা পৰিয়ালৰ বিচনাত শুই থকা অৱস্থাত ।

জানিবপৰা অনুসৰি কিছু পৰিমাণে বাঢ়নী পানী হ্ৰাস পাইছে যদিও বৰ্তমানেও ৰাষ্ট্ৰীয় উদ্যানখন বাঢ়নী পানীৰে ভৰি আছে যাৰ বাবে বাসস্থানৰ অভাৱ হৈছিল বন্যপ্ৰাণীসমূহৰ । ইয়াৰ ফলতেই জনবসতিপূৰ্ণ এলেকালৈ সোমাই আহিছিল বাঘটো। পুৱা ৭ মান বজাত স্থানীয় ৰফিকুল হুছেইন নামৰ লোকজনৰ ঘৰত শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । ইয়াৰ পাছতে পশু চিকিৎসাবিদ ডাঃ ছামচুল আলীসহ এটা বিশেষজ্ঞৰ দল বাঘটোক ট্ৰাংকুলাইজ কৰিবৰ বাবে ৰফিকুল হুছেইনৰ ঘৰত উপস্থিত হয় ।