নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : প্ৰায় দুবছৰ আগেয়ে ফেইচবুকৰ জৰিয়তে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জনপ্ৰিয় কণ্ঠশিল্পী জুবীন গাৰ্গক হত্যাৰ ভাবুকি দিছিল দুজন যুৱকে । তাৰ পাছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি।

ঘটনাতো সংঘটিত হৈছিল ২০১৭ চনৰ ২২ এপ্ৰিলত । ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনত জুবীন গাৰ্গক চচিয়েল মিডিয়াৰ জৰিয়তে পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল ক্ৰমে মুকুল আহোম শিৱসাগৰীয়া আৰু তুলতুল বাগলাৰী নামৰ দুই যুৱকে ।

ইয়াৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে দুই যুৱকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে আৰু আৰক্ষীয়ে জি আৰ ১২৯৮/১৭,১২(বি)৩৮৭/৫০৬ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি যুৱকদ্বয়ক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

বৃহস্পতিবাৰে জুবিন গাৰ্গ ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোত তেওঁক সাক্ষী হিচাপে বিচৰা বাবে হাজিৰ হয় আৰু ছ’চিয়েল মিডিয়া ভালদৰে ব্যৱহাৰ কৰিবলৈ কৈ মন্তব্য কৰে যে ” ফেইচবুকৰ দৰে ছ’চিয়েল মিডিয়াৰ ভালদৰে ব্যৱহাৰ কৰিব লাগে । সিহঁত সৰু ল’ৰা , মোৰ ভাইৰ দৰে। সেয়ে,ক্ষমা কৰি দিলোঁ।”