গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্যত গঢ় লৈ উঠিছে এখনৰ পাছত এখনকৈ প্ৰাথমিক পৰ্যায়ৰ পৰা কণিষ্ঠ মহাবিদ্যালয়লৈকে ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান । জধে-মধে গঢ় লৈ উঠা এই শিক্ষানুষ্ঠান সমূহে পাছে কোনোধৰণৰ সকাহ দিয়া নাই অভিভাৱকসকলক । বৰঞ্চ এই ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক মাচুলৰ ক্ষেত্ৰত শোধাই আহিছে মাধমাৰ । নিজৰ ইচ্ছা অনুযায়ীয়ে শিক্ষানুষ্ঠানসমূহে নিৰ্ধাৰণ কৰি আহিছে একোটা মোটা ধনৰ মাচুল ।

পাছে এতিয়াৰে পৰা ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ময়মতালি নচলিব । ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যচৰকাৰ । ৰাজ্যচৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰিহে শিক্ষাৰ্থীৰ পৰা মাচুল লব পাৰিব ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমূহে । এই কথা প্ৰাগ নিউজৰ এটা বিশেষ অনুষ্ঠানত স্পষ্ট কৰি দিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন অধিবেশনতে গৃহীত কৰা হৈছিল অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান (মাচুল নিয়ন্ত্ৰণ) বিধেয়ক ২০১৮ । ২০১৮ তে গৃহীত কৰা বিধেয়কখন যোৱা ডেৰটা বছৰে কার্যকৰী কৰিবলৈ অসমৰ্থ হোৱা ৰাজ্য চৰকাৰে চলিত বৰ্ষত বিধেয়কখন কার্যকৰী কৰিবলৈ মন মেলিছে ।