বৰপেটা, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ এনআৰচি’ত নাম অন্তৰ্ভুক্তি কৰাৰ বাবে নথিপত্ৰ জালিয়াতি কৰি ৰঙা ঘৰৰ আলহী হ’ল তিনিজনকৈ লোক৷ উল্লেখ্য যে, এনআৰচি’ৰ সংযোগী নথি হিচাপে পঞ্চায়তৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অপৰাধত বৰপেটা আৰক্ষীয়ে আটক কৰিলে তিনিজন লোকক।  বৰপেটা আৰক্ষী চকীৰ অন্তৰ্গত দেৱৰাদি গাঁৱৰ লোক কেইজনৰ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত বংশ বৃক্ষ পৰীক্ষণৰ সময়ত জালিয়াতিৰ ঘটনা পোহৰলৈ আহে। প্ৰাপ্ত তথ্য মতে জুলমত আলী নামৰ লোক এজনে পূৰ্বৰ পত্নীৰ নামত থকা ভোটাৰ আইডি কাৰ্ড, পান কাৰ্ড জালিয়াতিৰে দ্বিতীয় পত্নীৰ নামত ব্যৱহাৰ কৰি আহিছিল৷ জুলমত আলীয়ে প্ৰথম পত্নী আম্মানত নেছাৰ ভোটাৰ তালিকাত নাম থকাৰ বাবে প্ৰথম পত্নীৰ নামটোকে দ্বিতীয় পত্নীৰ নাম হিচাপে ব্যৱহাৰ কৰি আহিছিল আৰু দ্বিতীয়া পত্নী ৰমেলা বেগমৰ নামত ২০১৫ চনত গাঁও পঞ্চায়তৰ সম্পাদকে প্ৰদান কৰা প্ৰমাণ পত্ৰখনো জালিয়াতিৰে আম্মাতন নেছাৰ নামত বনাই এনআৰচি’ত দ্বিতীয় পত্নীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পঞ্চায়তৰ এই ভুৱা প্ৰমাণ পত্ৰখনক সংযোগী নথি হিচাপে ব্যৱহাৰ কৰিছিল৷ সোমবাৰে  বংশবৃক্ষ পৰীক্ষণৰ সময়ত মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত জুলমতৰ দ্বিতীয়া পত্নীৰ পিতৃয়ে এনআৰচি কৰ্তৃপক্ষৰ আগত নিজৰ কন্যা ৰমেলা বেগমক আম্মাতন নেছা বুলি দাবী কৰে, কিন্তু গাঁও পঞ্চায়তৰ সম্পাদকে আম্মাতন নেছাৰ নামত ব্যৱহৃত প্ৰমাণ পত্ৰখন ভুৱা বুলি চিনাক্ত কৰাৰ পিছতেই জুলমতৰ জালিয়াতিৰ সমস্ত ঘটনা পোহৰলৈ আহে। বৰপেটা আৰক্ষীয়ে জুলমত আলী, ৰমেলা বেগম আৰু ৰমেলাৰ পিতৃ ৰমজান আলীক আটক কৰিছে।