নলবাৰী, ২১ এপ্ৰিলঃ এতিয়া ব’হাগৰ বতৰ৷  ৰাজ্যৰ চৌদিশে উৎসৱমুখৰ পৰিবেশ৷ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীবাসীও ৰঙালী বিহুৰ আনন্দ-উৎসৱত মচগুল৷ নলবাৰীৰ গুৱাকুছি আঞ্চলিক ৰঙালী বিহু তৃতীয় বাৰ্ষিক সমাৰোহ বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ সমাৰোহৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি, সুকুমাৰ কলা, ভেশচন আদি অনুষ্ঠিত হয়৷ খেল ধেমালি প্ৰতিযোগিতাৰ উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে৷ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি বসন্ত দাসে সন্ধিয়া সাংস্কৃতিক উদ্ধোধন কৰাৰ পিছৰে পৰা নৃত্য-গীতেৰে মুখৰিত হৈ পৰে বিহুৰ বাকৰি৷ প্ৰতিকূল বতৰৰ বাধা নেওচি মাজনিশা লৈ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰে সাংস্কৃতি-প্ৰেমীয়ে৷ গুৱাকুছি আঞ্চলিক ৰঙালী বিহু তৃতীয় বাৰ্ষিক সমাৰোহখন সফলতাৰে অনুষ্ঠিত কৰাত ৰাইজৰ সহায়-সহযোগিতাত কৃতজ্ঞতা জনাইছে সভাপতি সনাতন ডেকা আৰু সম্পাদক দিগন্ত দাস আৰু পিংকু দাস৷