ধুবুৰী, সংবাদ ৩৬৫, ১৯ জুলাইঃ ধুবুৰীত চাউল মাফিয়াৰ গুদামত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল। ধুবুৰীত চোৰাং চাউলৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু খাদ্য যোগান বিভাগৰ অভিযানৰ ফলত যোৱা শনিবাৰে ছিল কৰা হৈছিল ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ বজাৰ প্ৰকল্পৰ দুটাকৈ চাউলৰ গুদামঘৰ। বুধবাৰে পুনৰ জিলা দণ্ডাধীশ শান্তা ছেত্ৰীৰ উপস্থিতিত জিলা খাদ্য আৰু যোগান বিভাগে ছিল কৰা দুটা গুদাম ঘৰ খোলাৰ পিছত এক ভয়ংকৰ তথ্য পোহৰলৈ আহে। ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ পুত্ৰ অমিনুৰ ইছলাম সেখৰ এছ এছ এণ্টাৰপ্ৰাইজৰ গুদাম ঘৰত ওলাল প্ৰায় ১২ লাখ টকাৰ ৩৮৪ কুইণ্টল পি ডি এছৰ চোৰাং চাউল। একেদৰে প্ৰতিষ্ঠিত ব্যৱসায়ী মাণিক খানৰ পুত্ৰৰ নামত থকা এ আৰ ট্ৰেডাৰ্চৰ গুদাম ঘৰৰ পৰা উদ্ধাৰ হল প্ৰায় ৬ লাখ টকাৰ ১৮৯ কুইণ্টল পি ডি এছৰ চাউল। মুঠৰ ওপৰত দুটা গুদামৰ পৰা মুঠ ১৮ লাখ টকাৰ চোৰাং চাউল জব্দ কৰা হয় ধুবুৰীত। গুদাম ঘৰত উদ্ধাৰ হোৱা এইবোৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ চাউল। দৰিদ্ৰ জনতাৰ কুইণ্টল কুইণ্টল চাউল এতিয়া বৰ বৰ চাউল মাফিয়াৰ গুদামত। জিলা দণ্ডাধীশ আৰু জিলা খাদ্য আৰু যোগান বিভাগে সম্প্ৰতি চাউল সমূহ জব্দ কৰিছে যদিওঁ কোনো চাউল মাফিয়াক আটক কৰা নাই। উল্লেখযোগ্য যে, আব্দুছ ছবুৰ সেখ নামৰ চাউল মাফিয়া জনৰ বিৰুদ্ধে সুলভ মূল্যৰ চাউলৰ চোৰাং কাৰবাৰ কৰাৰ বহু অভিযোগ আছে। যদিও ধুবুৰী জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি হোৱাৰ সুবাদতে আৰু বিভাগীয় আশীৰ্বাদত ৰেহাই পাই আহিছে ধুৰন্ধৰ চাউল মাফিয়া আব্দুছ ছবুৰ। কিন্তু এইবাৰ নিজৰ চাউলৰ মিলত চাউল প্ৰস্তুত কৰা দেখুৱাই পশ্চিম বংগৰ ভুৱা কোম্পানীৰ নামত চাউলৰ বৃহৎ কলা বেহা আৰম্ভ কৰা আব্দুছ ছবুৰৰ বিৰুদ্ধে আৰু মাণিক খানৰ পুত্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয়।