গুৱাহাটী, ৬ মে: ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ১৫ লাখ টকা পৰ্যন্ত আপোন ঘৰ শীৰ্ষক গৃহ ঋণ প্ৰদানৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে প্ৰণতি মজুমদাৰ, গুণজিৎ কাশ্যপ, পলাশ প্ৰতীম বৰাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত ভাৰতীয় ষ্টেট বেংকৰ বিষয়া তথা এই আঁচনিৰ ন’ডেল বিষয়া জয়ন্ত বৰ্ধনে এই ঋণৰ সন্দৰ্ভত বিস্তিত ভাৱে বিষয়া সকলক অৱগত কৰে। ইয়াৰ বাবে তেওঁলোকে পাৱাৰ পইণ্ট যোগে বাখ্যাও ডাঙি ধৰে। এই আঁচনিৰ অধীনত ন্যূনতম ২১ বছৰ বয়সৰ পৰা সৰ্বোচ্চ ষাঠি বছৰলৈ আৰু নূন্যতম পাঁচবছৰ চাকৰি থকা কৰ্মচাৰী সকলে ১৫ লাখ টকা পৰ্যন্ত আপোন ঘৰৰ গৃহ ঋণ লাভ কৰিব। এই ঋণৰ ক্ষেত্ৰত পাঁচ লাখ টকা বাৰ্ষিক আয়ৰ চাকৰীয়ালে ৫৫%, ৫-৮ লাখ টকা আয়ৰ চাকৰীয়ালে ৬৫%, ৮-১০ লাখ টকা পৰ্যন্ত আয়ৰ চাকৰীয়ালে ৭০% আৰু ১০ লাখ বাৰ্ষিক আয় কৰা সকলে ৭৫% মাহিলী কিস্তিত ঋণৰ ধন ওভটাই দিব লাগিব। ইয়াৰ বাবে মহিলা কৰ্মচাৰীয়ে ৮.৫০% আৰু অন্যান্য সকলে ৮.৫৫% হাৰত সুদ আদায় দিব লাগিব। তদুপৰি এই সুদৰ হাৰৰ ওপৰত ৩.৫০% ৰেহায়ৰ ব্যৱস্থাও আছে। সভাত কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মাই জিলাখনৰ বিভিন্ন বিভাগীয় মুৰব্বী বিষয়া তথা ডিডিঅ’ সকলক নিজ নিজ বিভাগত এই ঋণ সন্দৰ্ভত সভা আহ্বান কৰি নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকলক এই সন্দৰ্ভত সজাগ কৰি তুলিবলৈ কয়। সভাত ডিডিঅ’ সকলক তেওঁলোক অনুমোদন সহ একেলগে বিভাগীয় কৰ্মচাৰীৰ আবেদন বেংকলৈ প্ৰেৰণৰ বাবে বেংক বিষয়া সকলে আহ্বান জনায়। ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে প্ৰদান কৰিব লগা এই গৃহ ঋণৰ আবেদন প্ৰক্ৰিয়াও অতি সহজ। বেংকৰ পৰা আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি ইয়াৰ সৈতে তিনিখনকৈ শেহতীয়া পাৰপত্ৰ জোখৰ ফটো, পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি পৰিচয়পত্ৰ, বাসস্থানৰ প্ৰমান পত্ৰ যেনে বিজুলি বিল, পাৰপত্ৰ, এছবি আইৰ পাছবুক, শেহতীয়া দুবছৰৰ বাবে প্ৰ-পত্ৰ ১৬, ছমাহৰ দৰমহাৰ হিচাপৰ খতিয়ান (যদিহে এছবিআইৰ পৰা দৰমহা নলয়) বেংকৰ নমুনা পত্ৰত ব্যক্তিগত সম্পত্তিৰ ঋণৰ খতিয়ান, মাটিৰ মালিকীস্বত্ত্ব, ক্ৰয় কৰিব খোজা গৃহৰ নিৰ্মান কৰিব লগা গৃহৰ নথি লগত দিব লাগিব। মূলত সম্পদ সৃষ্টিৰ উদ্দেশ্যে চাকৰীয়াললৈ প্ৰদান কৰিব খোজা এই ঋণৰ ক্ষেত্ৰত এছবিআইয়ে নলয় কোনো প্ৰক্ৰিয়াগত মাচুল নলয়। কোনো কৰ্মচাৰীৰ পূৰ্বে লোৱা ঋণৰ অংশ ঘূৰাব লগা থাকিলেও সেয়া এই ঋণৰ ধনৰ পৰা মিলাই দিয়া হ’ব বুলিও বেংক বিষয়া সকলে জানিবলৈ দিয়ে। মে’ৰ ভিতৰত ১০ হেজাৰ কৰ্মচাৰীক এই ঋণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে বুলিও বেংক বিষয়া সকলে কয়। কেবল গুৱাহাটীত গৃহ নিৰ্মান কৰিবলৈ হ’লে গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ আৰু অন্য গ্ৰামীন অঞ্চলত গৃহ নিৰ্মান কৰিব বিচাৰিলে গাওঁ পঞ্চায়তৰ পৰা অনুমতি ল’ব লাগিব। গুৱাহাটীত কৰ্মৰত অন্য ঠাইৰ লোকে এই ঋণৰ সুবিধা লোৱাত বাধা নাই বুলি কোৱা হৈছে।