সোণতলী, ৬ মেঃ প্ৰকৃতি ধ্বংস নহয়, প্ৰকৃতি উজ্জীৱিত কৰাৰ স্বাৰ্থত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক কমেও এডালকৈ গছ ৰুপনৰ আহ্বান জনাইছে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে গছ ৰোপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰহে বিদ্যালয়ৰ ভৰ্ত্তী মাচুল বিনামূল্যে কৰাৰো ঘোষনা কৰিছে৷ এনে সময়তে এখন উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে আন এটা গুৰুত্বপুৰ্ণ অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ সুযোগলৈ ১১ জোপা গছ ৩১ হাজাৰ টকাত বিক্ৰী কৰা ঘটনাই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এনে দুৰ্ভাগ্যজনক ঘটনা৷ ইয়াৰ প্ৰতিবাদত সোণতলী অঞ্চলৰ স্থানীয় যুৱকে আজি বিয়লি স্বাস্থ্য কেন্দ্ৰৰ চৌহদ উত্তাল কৰি তোলে৷ ঘটনাৰ বিৱৰণী মতে, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আবুল কালাম আজাদ আৰু স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক ডাঃ ৰবিউল হুছেইনে গোপনীয় ভাৱে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত থকা ১৩ জোপাকৈ প্ৰকাণ্ড গছ এজন বেপাৰীৰ ওচৰত ৩১ হাজাৰ টকাত বিক্ৰী কৰে৷ বেপাৰীজনে স্বাস্থ্য কেন্দ্ৰটোৰ ৪ জোপাকৈ গছ কটাৰ পিছত স্থানীয় কেইজনমান সচেতন যুৱকে বেপাৰীজনক গছ কটাত বাধাৰোপ কৰে৷ যুৱককেইজনৰ দাবীত বেপাৰীয়ে উল্লেখিত ব্যক্তি দুজনৰ পৰা গছ ক্ৰয় কৰা বুলি সদৰী কৰাৰ লগে লগেই পৰিস্থিতি উত্তপ্ত হৈ উঠে ৷স্বাস্থ্য  কেন্দ্ৰ পৰিচালনা সমিটি আৰু স্থানীয় যুৱকৰ মাজত সংঘৰ্ষ সৃ্ষ্টি হয়৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত সোণতলী আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে গছ চাৰিজোপা জব্দ কৰে৷ স্থানীয় ৰাইজে দোষী ব্যক্তি দুৰাকীক দৃষ্টান্তমুলক শাস্তি দিবলৈ  প্ৰশাসনক দাবী জনাইছে৷