যোৰাবাট, ৭ মেঃ যোৰাবাটৰ ৰাম বাহাদুৰৰ ঘৰলৈ ফোন আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়ৰ পৰা। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফোনে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাম বাহাদুৰৰ ঘৰলৈ। ৰাম বাহাদুৰৰ একমাত্ৰ সন্তান প্ৰেম বাহাদুৰ যোৱা দুমাহৰ পৰা আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ব্লাড কেন্সাৰত। ফুলকুমলীয়া তিনি বছৰীয়া শিশুটোক ব্লাড কেন্সাৰত আক্ৰান্ত হৈ মৃত্যুৰ লগত যুঁজি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্যই দিছে শিশুটোৰ পৰিয়ালক সকাহ। সাধাৰণ অটো চলাই পৰিয়ালৰ পোহপাল দি থকা ৰাম বাহাদুৰৰ বাবে নিজ পুত্ৰৰ ব্লাড কেন্সাৰৰ চিকিৎসা কৰা সহজ নহয় বুলি ভাবি ৰাজ্যৰ কিছুমান সংবাদ মাধ্যমৰ যোগেদি তেখেতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক পুত্ৰৰ বেমাৰৰ কথা অৱগত কৰাই চিকিৎসাৰ বাবে সহায়ৰ অনুৰোধ জনাইছিল। কিন্তু ৰাজ্য চৰকাৰৰ কোনো সঁহাৰি নাপাই সহায় বিচাৰি ৰাম বাহাদুৰে পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যলয়লৈ। পত্ৰ প্ৰেৰণৰ মাত্ৰ ৬ দিনৰ ভিতৰতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন যোগে শিশুটিৰ পৰিয়ালক  চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথা জনায়। এইদৰে নিজৰ একমাত্ৰ শিশুৰ চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা সাহাৰ্য্য পাই উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবি মাজুলীত চাইকেলত ভাতৃৰ মৃতদেহ লৈ যোৱা দৃশ্যই সমগ্ৰ দেশত উদঙাই দিয়াৰ পিছত এতিয়া  ৰাজ্যবাসীয়ে চিকিৎসাৰ বাবে নিৰ্ভৰ কৰিব লগা হৈছে কেন্দ্ৰৰ সাহাৰ্য্য ওপৰত।