বিশ্বনাথ, সংবাদ ৩৬৫, ৭ মে’ : বিশ্বনাথত কাহিলি পুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অৱৈধ অৰুণাছলী সুৰা কঢ়িওৱা বিলাসী এখন“আৰ্টিকা” বাহন ৷ এ এছ ০৪ এম ৮৬০০ পঞ্জীয়ন নম্বৰৰ বিলাসী আৰ্টিকাখনে ৩০ কাৰ্টুন অবৈধ অৰুণাছলী সুৰা কঢ়িয়াই আনি থকা অৱস্থাত বিশ্বনাথৰ বাঘমাৰীত বিপৰিত দিশৰ পৰা আহি থকা এ আৰ ০১ই ১১৩৫ পঞ্জীয়ন নম্বৰৰ ইণ্ডিগো বাহনখনত মুখামুখিকৈ খুন্দা মাৰে ৷

ইফালে আঘাতপ্ৰাপ্ত আৱস্থাতে সুৰা কঢ়িওৱা বাহনখনৰ গৰাকীৰ লগতে চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

জিনজিয়া আৰক্ষীয়ে ইতিমধ্যে অবৈধ সুৰাখিনি জব্দ কৰাৰ লগতে দুয়োখন বাহন আটক কৰিছে ৷ দীৰ্ঘদিন ধৰি অৰুণাছল বালিজানৰ কিশোৰ চেত্ৰী নামৰ সুৰা ব্যৱসায়ী জনে এইদৰেই বিশ্বনাথৰ বিভিন্ন স্থানত এইদৰেই আৰক্ষী আৰু আৱকাৰী বিভাগৰ চকুত ধুলি দি অবৈধ অৰুণাছলী সুৰাৰ বেহা চলাই আহিছে ৷