নৱজোতি বৰুৱা

চামগুৰি

৯ অক্টোবৰ

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুংগাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহু দিনৰ পৰা দখলদাৰী কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যত হতচকিত ৰায়তসকল।

অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে ‘আজোৰ’ কোম্পানীয়ে বঢ়মপুৰৰ হায়ঙথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ কাম পুৰ্ণোদ্যমে চলাই আছে ,যদিও এনে কাৰ্যত অসন্তুষ্ট হৈ ভূমি দখল কৰি থকা লোক সকলে ন্যায়ালয়ৰ কাশ চাপে।শেহতীয়াকৈ মহামান্য ন্যায়ালয়ে কোম্পানীৰ পক্ষত ৰায় প্ৰদান কৰে আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে উক্ত ভূমিত উচ্ছেদ চলাই। উচ্ছেদৰ সময়ত দখলদাৰী লোকসকলে মাটি এৰি নিদিয়াকলৈ প্ৰশাসনৰ লগত বাক বিতণ্ডাত লিপ্ত হয়। উচ্চ ন্যায়ালয়ে শান্তিপূৰ্ণ ভাৱে মাটিখিনি একসপ্তাহ সময়ৰ ভিতৰত খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। উক্ত নিৰ্দেশ মৰ্মে প্ৰশাসনে জে চি বি লগাই উচ্ছেদ অভিযান আৰম্ভ কৰে আৰু তাতেই খৰ্গহস্ত হৈ পুৰুষ মহিলা সকলো ওলাই আহি বাক বিতণ্ডাত লিপ্ত হয়।

উপায়ন্তৰ হৈ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে প্ৰশাসনে কেইবাজনো লোকক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আনহাতে কৃষক সকলে এই উচ্ছেদ অভিযানৰ বিষয়ে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰোপৰি কৃষক সকলে ন্যায়ালয়ৰ ৰায় তেওঁ লোকৰ সপক্ষে আছে বুলি দাবী কৰিছে যদিও কোনোধৰণৰ নথি পত্ৰ প্ৰশাসনক দেখুৱাব নোৱাৰিলে।