গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : খিলঞ্জীয়াৰ অস্তিত্বৰ যিসমূহ বিষয় লৈ নিৰ্বাচনত প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা অৱতীৰ্ণ হৈছিল সেইদৰে ৰাইজৰ সঁহাৰি পোৱাৰ লগতে সেইখিনি বিষয়ক লৈ এখন স্থায়ী ৰাজনৈতিক মঞ্চ বা দল গঠন কৰাৰ কথা সদৰী কৰে এখন সংবাদমেলৰ জৰিয়তে।

সংবাদমেলত উপমন্যু হাজৰিকাই কয় “আমি খিলঞ্জীয়া দল নিৰ্দলীয়। সকলো দল হয় কিছুমান বিদেশীৰ লগত আছে, কিছুমান মুছলমানৰ লগত আছে, কিছুমান হিন্দুৰ লগত আছে । কিন্তু আমাৰ খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ কোনো দল নাই। খিলঞ্জীয়াৰ বিষয়সমূহ আগবঢ়াবলৈ খিলঞ্জীয়া এতিয়াও সংখ্যাগৰিষ্ঠ । আমাৰ এই নিৰ্বাচনৰ ফলাফল লৈ যে আমি এম পি বা এম এল এ হম সেইয়া নহয়। আমাৰ ফলাফল হব আমি যি বিষয় লৈ নিৰ্বাচনত নামিছো সেই লক্ষ্যত উপনীত হম। আমাৰ ফলাফল এইয়া নহয় যেনেদৰে বিজেপি বা অগপৰ নেতাসকলে নিজৰ স্বাৰ্থত জাতিক ধ্বংসৰ পথলৈ ঠেলি দিছে।”

হাজৰিকাই আৰু কয় যে খিলঞ্জীয়াক প্ৰাথমিকত্ব দিয়াটো আমাৰ মূল উদ্দেশ্য হব সেয়েহে এই গুৰুত্বপূৰ্ণ বিষয়টো আমি আন্দোলনৰ ক্ষেত্ৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ লৈ যাম। এই সন্দৰ্ভত অসমৰ ৰাইজ, সতীৰ্থ আৰু দল-সংগঠনৰ লগত আলোচনা কৰি ৰাজনৈতিক মঞ্চৰ আকাৰ আৰু প্ৰকাৰ ধার্য্য কৰিব।

“এইটো আঞ্চলিকতাবাদ বা ৰাষ্ট্ৰীয়তাবাদ নহয়। এইটো থাকিব খিলঞ্জীয়াৰ স্বাৰ্থত। যি খিলঞ্জীয়াৰ স্বাৰ্থত থাকিব তেওঁলোকেই খিলঞ্জীয়াৰ ভোট পাবলৈ সক্ষম হব। আমি তেনেকুৱা এটা ৰাজনৈতিক দল গঠন কৰিব লাগিব।” -অগপ ,বিজেপি আৰু কংগ্ৰেছক বাদ কৰি বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ সন্দৰ্ভত এইদৰে কয় হাজৰিকাই।

ইফালে সাংবাদিকে সোধা এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰশ্নৰ সন্দৰ্ভত উপমন্যু হাজৰিকাই কয় যে “ৰাইজৰ সঁহাৰিৰ পৰা সম্পূৰ্ণ আশাবাদী যে এইবাৰৰ নিৰ্বাচনত আমি বিজয়ী হম। কিন্তু আমাৰ ফলাফল এইয়া নহয় । আমাৰ ফলাফল হব আমি বাছি লোৱা লক্ষত উপনীত হোৱা। এই বিষয়সমূহেই আমাৰ বাবে প্ৰধান । কোন এম এল এ , কোন মন্ত্ৰী, কোন মুখ্যমন্ত্ৰী হয় সেইয়া ডাঙৰ কথা নহয়।”