লখিমপুৰ 

৭ অক্টোবৰ

আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ আইটি চেলৰ সদস্য দুৰ্লভ নাথাক। আহোম সম্প্ৰদায় সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিছিল দুৰ্লভ নাথ। বিভিন্ন সময়ত ফেচবুকত সাম্প্ৰদায়িক পোষ্ট দি বিষবাষ্প বিয়পাই আহিছিল দুৰ্লভ নাথে।

বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ, নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতাই চেষ্টা চলাইছে ৰাইজৰ কাষত থাকি নিজ দলৰ স্থিতি সবল কৰাৰ। ইয়াৰ পৰিবৰ্তে কিন্তু বিজেপি দলৰ নেতা-পালিনেতাৰ কিছুমান কৰ্মকাণ্ডই বিজেপি দলটোক ৰাইজৰ কাষৰ পৰা আঁতৰাই নিয়াৰে চেষ্টা চলাই থকা যেন পৰিলক্ষিত হৈছে। বিজেপিৰ কোনোবা এজন নেতা যদি নিযুক্তি কেলেংকাৰীৰ লগত জড়িত হৈছে দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে, কোনোবাই আকৌ সভা-সমিতিয়ে জাতি-ধৰ্মৰ কথা কৈ সমাজত অশান্তি সৃষ্টি কৰিছে। ইফালে দলটোৰ আই টি চেলৰে কিছূমান সদস্যই বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন পোষ্ট কৰি সমালোচনা সন্মুখীন হৈ আছে।

আই টি চেলৰ এজন সদস্যই আকৌ এখোজ আগুৱাই গৈ যিটো কাণ্ড কৰিলে, সদস্য জন ৰঙা ঘৰৰ আলহী হ’ব লগীয়া হ’ল। আই টি চেলৰ সদস্য জনৰ নাম দুৰ্লভ নাথ, নাথৰ কাম ফেচবুকত বিভিন্ন সময়ত সাম্প্ৰদায়িক পোষ্ট দি থকা। পূৰ্বেও বহু সাম্প্ৰদায়িক পোষ্ট কৰিছিল কিন্তু এইবাৰ আহোম সম্প্ৰদায়কলৈ কৰা পোষ্ট ৰঙা ঘৰত পঠিয়ালে দুৰ্লভ নাথাক। আহোম সম্প্ৰদায়কলৈ কৰা এক বিতৰ্কিত পোষ্টৰ বাবে মঙলবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই দুৰ্লভ নাথক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযান কালত দুৰ্লভ পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে খেদি খেদি আটক কৰে দুৰ্লভক।

উল্লেখ্য যে বিভিন্ন সময়ত বিতৰ্কিত পোষ্ট কৰি অহা দুৰ্লভ নাথে এইবাৰ আহোম সম্প্ৰদায়ক ‘গেদা’ লগত তুলনা কৰি ফেচবুকত এক বিতৰ্কিত পোষ্ট কৰিছিল। পৰৱৰ্তী সময়ত টাই আহোম যুৱ পৰিষদে দুৰ্লভ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আৰক্ষীয়ে দুৰ্লভ নাথৰ ঘৰত অভিযান চলাই দুৰ্লভ নাথক গ্ৰেপ্তাৰ কৰে।