মুস্তাক আহমেদ
জুৰীয়া
৩০ অক্টোবৰ

আঁচনিত অনিয়ম। এইবাৰ নুৰুল হুদাৰ দুৰ্নীতিৰ স্বৰূপ উদঙালে জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই। সংবাদমেল পাতি ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে সৰৱ জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা।

উত্তৰ নগাঁৱৰ জুৰীয়া, ৰূপহীহাটত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতেই এতিয়া আন এক ছাত্ৰ বৃত্তিৰ দুৰ্নীতিয়ে কঁপাইছে সমগ্ৰ ৰূপহীহাট সমষ্টি। জুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ‘চোহিৰদ’ আঁচনিৰ কেলেংকাৰীক লৈ আয়োজন কৰা এক সংবাদ মেলত বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে স্বোচ্ছাৰ হৈ পৰে। যুৱ কংগ্ৰেছৰ সভাপতি ইক্ৰামুলৰ লগতে অন্য কিছুমান যুৱক-যুৱতী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী নোহোৱা স্বত্বেও কিদৰে ‘চোহিৰদ’ আঁচনিৰ বিপৰীতে গাইপতি ২০ হাজাৰ টকা লাভ কৰিলে সেই লৈ প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ একতা সভাই। চৰ-চাপৰি আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি দালাল শ্ৰেণীৰ মাজত বিধায়ক নুৰুল হুদাই প্ৰকৃত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আৱন্টিত ধন ভগাই দিয়া বুলি অভিযোগ তুলিছে ছাত্ৰ একতা সভাই। উল্লেখ্য যে জুৰীয়া মহাবিদ্যালয়ত বিধায়ক পুঁজিৰ অধীনত ছোৱালী জিৰণি কোঠা নিৰ্মানক লৈও বিধায়ক গৰাকীৰ ঘনিষ্ঠ‌ই ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰি চলিত সপ্তাহত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।উল্লেখযোগ্য যে বিগত সময়ত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত চৰকাৰী বিভিন্ন আঁচনিত সংঘটিত হোৱা অনিয়মৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহাৰ সময়ত সমষ্টিটোৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ৰূপহীহাটৰ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ‘চোহিৰদ’ আঁচনিৰ ধনত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ৰূপহীহাট সমষ্টিত ২০১৮-২০১৯ চনৰ ‘চোহিৰদ’ৰ আঁচনিৰ ধন যুৱ কংগ্ৰেছী সকলে লাভ কৰা বুলি তথ্যসহকাৰে অভিযোগ উত্থাপন কৰিছিল এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে। এ আই ইউ ডি এফ দলৰে যুৱ মৰ্চাৰ সমষ্টি কমিটিৰ সভাপতি ৰফিকুল ইছলামে বিধায়ক নুৰুল হুদাই ‘চোহিৰদ’ আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰে ইয়াৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।