গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : “সুৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক” যুক্ত লেবেল থকাৰ পাছতো অধিক সংখ্যকেই গ্ৰহণ কৰে বিলাতী, দেশী সুৰা। কোনোৱে এই সুৰা গ্ৰহণ কৰে আনন্দ, বিষাদ বা কোনোৱে নিজৰ ষ্টেটাছ মেন্টেইন কৰিবলৈ । এই বিলাতী সুৰাই হওঁক বা দেশীয় সুৰাই হওঁক সকলো এতিয়া খাদ্য সুৰক্ষাৰ অধীনত । যিটো ২০১৮ চনৰ মাৰ্চ মাহতে সমগ্ৰ ভাৰতবৰ্ষতে গৃহীত কৰা হৈছিল । ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা এই অধিনিয়ম সমগ্ৰ ভাৰতবৰ্ষতে বলবৎ কৰা হৈছে । এতিয়াৰ পৰা সুৰা প্ৰস্তুতকাৰী হওঁক বা সুৰা বিক্ৰীকাৰী হওঁক সকলোৱে খাদ্য সুৰক্ষা বিভাগৰ পৰা অনুজ্ঞা পত্ৰ লোৱাটো বাধ্যতামূলক।

ইয়াৰোপৰি, সুৰা প্ৰস্তুতকাৰী ফেক্টৰীলৈ গৈ সুৰা পৰীক্ষা কৰিব পাৰিব খাদ্য সুৰক্ষা বিভাগে । ইতিমধ্যে প্ৰথমবাৰৰ বাবে ৪ টা সুৰাৰ নমুনা সংগ্ৰহ কৰিছে খাদ্য সুৰক্ষা বিভাগে আৰু নমুনাসমূহ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।

লেৱেলিংৰ ক্ষেত্ৰতো বিধিসন্মত কিছুমান নিয়ম বান্ধি দিছে । সুৰাৰ বটলসমূহত কিছুমান বিধিসন্মত লেৱেলিং থাকিব লাগিব। সুৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, ২১ বছৰৰ তলৰ ব্যক্তিক সুৰা বিক্ৰী কৰা নহব, বি চেভ, ড’ন্ট ড্ৰিংক এণ্ড ড্ৰাইভ আদি লেৱেলিং সুৰাৰ বটলত থাকিব লাগিব। এই লেৱেলিংসমূহ সম্পূৰ্ণ কৰিবলৈ ভাৰত চৰকাৰে ৬ মাহ সময় দিছে । নৱেম্বৰ মাহত খাদ্য সুৰক্ষা বিভাগে সুৰাসমূহ পৰীক্ষা কৰিলে এই সতৰ্কীকৰণ পাব লাগিব।

পিছে সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহে খাদ্য সুৰক্ষা বিভাগৰ এই সমূহ নীতি বা ২১ বছৰৰ তলৰ ব্যক্তিক সুৰা বিক্ৰী নকৰা এইসমূহ নিয়ম কিমানদূৰ মানি চলে সেইয়া পাছতহে গম পোৱা যাব ।