আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১০ অক্টোবৰ

কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰি দিয়া কৃষি বিলৰ বিৰুদ্ধে শনিবাৰে শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ জিলা কংগ্ৰেছ দলে৷ শিৱসাগৰ জিলা কংগ্ৰেছৰ কার্যলায় ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই কৃষি বিলৰ বিৰোধিতা কৰে কংগ্ৰেছ দলে।

শাসনাধিস্ত বিজেপি চৰকাৰৰ কৃষি বিলৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰতিবাদ। শনিবাৰে পুনৰ এই বিলখনৰ বিৰোধিতা কৰি শিৱসাগৰ জিলা কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা কংগ্ৰেছৰ কার্যলায় ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই শিৱসাগৰ চহৰৰ মূল পথ সমুহ পৰিভ্ৰমণ কৰি পুণৰ ৰাজীৱ ভৱনৰ সন্মুখত উপস্থিত হৈ কংগ্ৰেছ দলৰ নেতা-কর্মী সকলে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, কৃষক বিৰোধী বিল বাতিল কৰক ধ্বনীৰে উত্তাল কৰি তুলে ৰাজপথ৷ ইফালে প্ৰতিবাদকাৰীসকলে এচ আই কেলেংকাৰীৰ সন্দৰ্ভদ চলাই থকা তদন্তক ভেকোভাওনা আখ্যা দিয়ে৷ কেলংকাৰীত নাম উচ্চাৰিত অসম মন্ত্ৰী সভাৰ বিয়াগোম মন্ত্ৰী, নেতা, আমোলাক ৰেহাই দি পুঠি-খলিহনাতেই তদন্ত অন্ত পেলোৱাৰ গভীৰ ষড়যন্ত্ৰ চৰকাৰখনে ৰচনা কৰা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে৷

প্ৰতিবাদকাৰী সকলে এচ আই কেলেংকাৰীৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পনৰ দাবীও জনায়৷ কংগ্ৰেছ প্ৰতিবাদকাৰীসকলে ভাৰতৰ কৃষক সমাজৰ বাবে মৃত্যু মাতি অনা এনে কৃষক বিৰোধী আইণ কেতিয়াও মানি নোলোৱাৰ হুংকাৰ প্ৰদাণ কৰে৷