গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : যি সময়ত প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ অধীনত কৃষকসকললৈ নগদ ধন দিয়া হৈছে সেই সময়তে অসমত ৰাসায়নিক সাৰক কেন্দ্ৰ কৰি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উঠিছে । যাৰ ফলত অসমত পশ্চিমবংগৰ তুলনাত দুগুণ দামত ৰাজ সাহাৰ্য্যযুক্ত সাৰ বিক্ৰী হৈ আছে । এই অভিযোগ আনিছে মানাহ ভেলী বিকাশ মঞ্চই ।

মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলীয়ে এখন সংবাদমেলৰ জৰিয়তে কয় ” একাংশ ব্যৱসায়ীয়ে প্ৰভাৱশালী, ৰাজনীতিকৰ সতে মিলি ৰাজসাহাৰ্য্যযুক্ত সাৰক লৈ ছিণ্ডিকেট চলাই আছে। বৰপেটাৰোডৰ ৰমেশ পোড্ডাৰ, গৌতম সাহা, ওমৰ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰী ছাজিদ আৰু বঙাইগাঁওৰ কৈলাশ আগৰৱাল আৰু অশোক হাৰলালকাৰ আদিয়ে কৃষি বিষয়াক মেনেজ কৰি ৰাসায়নিক সাৰক লৈ ৰমৰমীয়া বেহা চলাই আছে । এনে অসাধু ব্যৱসায়ীৰ ছিণ্ডিকেটৰ বাবে পশ্চিমবঙ্গতকৈ দুগুণ হাৰত অসমত প্ৰতি কিলোগ্ৰাম ইউৰিয়াৰ সাৰৰ মূল্য বেছি।

পশ্চিম বংগত খুচুৰা বজাৰত প্ৰতিকিলো ইউৰিয়াৰ মূল্য ছয় টকা হোৱাৰ বিপৰীতে অসমত ১২ টকা। পশ্চিমবঙ্গত প্ৰতি কিলোগ্ৰাম ডি এ পিৰ মূল্য ৩০ টকাৰ বিপৰীতে অসমত বিক্ৰী হৈ আছে ৩৫ টকা দামত।

ৰাজসাহাৰ্য্যযুক্ত সাৰক লৈ ছিণ্ডিকেট চলাৰ বাবে দামৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ তফাৎ দেখা গৈছে লগতে ইয়ে ৰাজ্যৰ দৰিদ্ৰ কৃষকসকলক জুৰুলা কৰিছে বুলি সংবাদমেলত সদৰী কৰে আৰফান আলীয়ে ।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈও এই ছিণ্ডিকেটত জড়িত থকা বুলি অভিযোগ উত্থাপণ কৰে সম্পাদক গৰাকীয়ে। তেওঁ কয় ” যি সময়ত অখিল গগৈয়ে ৰাজ্যৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি আহিছে, আন্দোলন কৰি আহিছে সেই সময়ত অখিল গগৈয়ে কৃষকৰ হৈ মাত মতাৰ সলনি ৰাজনৈতিক ক্ষেত্ৰতহে মাত মতা পৰিলক্ষিত হৈছে । আমাৰ সন্দেহ তেওঁ হয়তো ইয়াৰো ভাগ পাইছে ।”

চৰকাৰলৈ দাবী জনায় আৰফান আলীয়ে কয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলত যিদৰে ১ টকা মূল্যত চাউল দিছে তেনেদৰে ৰাসায়নিক সাৰো ১ টকাৰ পৰা ৩ টকা মূল্যত সাৰ দিয়াৰ ব্যৱস্থা কৰক। লগতে অসাধু ব্যৱসায়ীয়ে যাতে দৰিদ্ৰ কৃষকসকলৰ পৰা অধিক মুনাফা অর্জন কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক সতৰ্ক হবলৈ আহ্বান জনায়।