গান্ধীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি: বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজ

In ৰাজ্য

তামুলপুৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা প্ৰচলিত শংকৰদেৱ শিশু নিকেতন গান্ধীবাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তীৰ শুকুৰবাৰে তৃতীয়দিনা তথা অন্তিম দিনা পুৱাৰ ভাগত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । পুৱা ৯-০০ বজাত শংকৰদেৱ শিশু নিকেতন , গান্ধীবাৰীৰ পদূলি মুখত শোভাযাত্ৰা মুকলি কৰে আৰক্ষী বিষয়া ৰাজেন বড়োৱে। শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিশিষ্ট ব্যক্তি সকলৰ উপৰিও বিহু, বড়ো, ৰাভা, শৰণীয়া কছাৰী, হাজং, শংকৰী কলাকৃষ্টি, চানতালৰ উপৰিও বিভিন্ন লোককৃষ্টি সমূহ প্ৰদৰ্শন কৰা হয়। ভিন্ন কৃষ্টি-সংস্কৃতিৰে বৰ্ণিল আৰু ৰঙীন হৈ পৰে গান্ধীবাৰীৰ ৰাজপথ । শোভাযাত্ৰাত দুই সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে। হাতে হাতে মাতৃভাষা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উক্তি লিখা বেনাৰ, পোষ্টাৰ আদি লৈ ছাত্র-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰা শোভাযাত্ৰাই বৃহত্তৰ গান্ধীবাৰী অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰে। দিনৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা । ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনেশ্বৰ কলিতাই আঁত ধৰা মুকলি সভাখনত সভাপতিত্ব কৰে উদযাপন সমিতিৰ কাৰ্য্যকাৰী সভাপতি গিৰীশ চন্দ্ৰ দাসে। বন্তি প্ৰজ্বলন কৰে কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য গোপদেৱ ভড়ালীয়ে। উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে বিদ্যা ভাৰতী আৰু শিশু শিক্ষা সমিতিৰ অসমৰ লক্ষ্য উদ্দেশ্যে আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্যৰ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে এক তত্বগধূৰ ভাষণ আগবঢ়ায় । সভাত নলবাৰী বিভাগৰ বিভাগ নিৰীক্ষক অখিল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, নিকেতনৰ প্ৰধান আচাৰ্য্য গোপাল চন্দ্ৰ বৈশ্য, নিকেতন পৰিচালনা সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ কলিতা, সম্পাদক কুমুদ কাকতি আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উক্ত সভাতেই স্মৃতি গ্ৰন্থ উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই। উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনীদিনীয়া কাৰ্যসূচীৰে আয়োজিত শংকৰদেৱ শিশু নিকেতন গান্ধীবাৰীৰ ৰূপালী জয়ন্তীৰ আজি ৰূপালী সন্ধিয়াৰ পিছতে সামৰণি পৰে।

Comments

comments

You may also read!

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল

গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : শেহতীয়াকৈ সংবাদ মাধ্যমৰ চাৰি গৰাকীকৈ প্ৰভাৱশালী ব্যক্তিক কেন্দ্ৰীয় চৰকাৰে দেশদ্ৰোহৰ অপৰাধত জড়িত কৰাব

Read More...

বিশিষ্ট অভিনেতা ইন্দ্ৰ বণিয়াৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : অসম অভিনয় প্ৰতিষ্ঠানৰ উদ্যোগত বিশিষ্ট অভিনেতা ইন্দ্ৰ বণিয়াৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ

Read More...

ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Read More...

Mobile Sliding Menu