গুৱাহাটীৰত গ’লৰক্ষকৰ ভূমিকাত উজ্জ্বলিল বাইচুং ভূতিয়া : বৰ্ণাঢ্য কাৰ্যসূচীৰে ইউ বি চি আন্তৰ্জাতিক প্ৰবীণ ফুটবল

In ক্ৰীড়াংগন, ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জানুৱাৰী : ইউ বি চিএ আয়োজন কৰা আন্তৰ্জাতিক প্ৰবীণ ফুটবল প্ৰতিযোগিতাত গলৰক্ষক ৰূপে খেলি জিলিকি উঠিল ভাৰতীয় ফুটবলৰ যুৱৰাজ বাইচুং ভূতিয়া। এসময়ৰ দুৰ্ধৰ্ষ ফুটবল খেলুৱৈ বাইচুং ভূতিয়াই ইউনাইটেড ছিক্কিম ভেনটাৰ্ছ দলৰ হৈ গলৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত বাইচুং ভূতিয়াৰ দলে আয়োজক ইউ বি চিক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। দিনটোৰ আন কেইখন খেলত শ্বিলঙৰ প্ৰবীণ ফুটবল দলে মহানগৰীৰ নাৰেঙি ফুটবল ক্লাব দলক ৩-১ গলত আৰু গুৱাহাটীৰ মেট্ৰ ফুটবল ক্লাব দলক ১১-০ গলত পৰাস্ত কৰে। আন এখন খেলত দুলিয়াজান ভেটেৰেন ফুটবল ক্লাবে কোকৰাঝাৰ প্ৰবীণ ফুটবল ক্লাব দলক ৩-০ গোলৰ ব্যৱধানত পৰাভূত কৰে।

বাইচুং ভূতিয়াই বলত কিক মাৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে। এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাই মুখ্য অতিথি ৰূপে উপস্থিত থাকে। অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা গুৱাহাটীৰ সাংসদ কুইন ওঝা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ক্রীড়া সঞ্চালক ধর্মকান্ত মিলি সৰু ছাইৰ আঞ্চলিক সঞ্চালক সুভাষ বসুমতাৰীয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। একেটা অনুষ্ঠানত ফুটবলৰ মক্কা ৰূপে খ্যাত স্পেইনত খেলাৰ বাবে নিৰ্বাচিত হোৱা প্রথম গৰাকী ভাৰতীয় খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰা অসমৰ কবিৰ নাথৰ হৈ তেওঁৰ মাতৃ ডঃ গীতি বৰুৱা নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত জনপ্ৰিয় গায়ক দেৱজিত বৰাই গীত পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে।

Comments

comments

You may also read!

বিয়াৰ প্ৰলোভনেৰে যুৱতীৰ পৰা সৰকাই নিলে ধন : এতিয়া ৰঙা ঘৰৰ আলহী

গুৱাহাটী  ৩ আগষ্ট জালুকবাৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক। বিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চকটোৱে এগৰাকী যুৱতীৰ পৰা সৰকাই আহিছিল ধন। অনলাইন বিবাহ ৱেবছাইট

Read More...

টকাৰ অভাৱত পুত্ৰৰ চিকিৎসাৰ বাবে হাহাকাৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ

আনিছুৰ আলী গৌৰীপুৰ ৩ আগষ্ট কিডনী আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ ক্ষণ গনিছে একমাত্ৰ পুত্ৰ সন্তান। অৰ্থৰ

Read More...

বৰক্ষেত্ৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱসত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা ডা: ভুমিধৰ বৰ্মন

আজিজ আলী মুকালমুৱা  ৩ আগষ্ট সমগ্ৰ ৰাজ্যতে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ

Read More...

Mobile Sliding Menu

error: Content is protected !!