গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জানুৱাৰী : ইউ বি চিএ আয়োজন কৰা আন্তৰ্জাতিক প্ৰবীণ ফুটবল প্ৰতিযোগিতাত গলৰক্ষক ৰূপে খেলি জিলিকি উঠিল ভাৰতীয় ফুটবলৰ যুৱৰাজ বাইচুং ভূতিয়া। এসময়ৰ দুৰ্ধৰ্ষ ফুটবল খেলুৱৈ বাইচুং ভূতিয়াই ইউনাইটেড ছিক্কিম ভেনটাৰ্ছ দলৰ হৈ গলৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হয়। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত বাইচুং ভূতিয়াৰ দলে আয়োজক ইউ বি চিক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। দিনটোৰ আন কেইখন খেলত শ্বিলঙৰ প্ৰবীণ ফুটবল দলে মহানগৰীৰ নাৰেঙি ফুটবল ক্লাব দলক ৩-১ গলত আৰু গুৱাহাটীৰ মেট্ৰ ফুটবল ক্লাব দলক ১১-০ গলত পৰাস্ত কৰে। আন এখন খেলত দুলিয়াজান ভেটেৰেন ফুটবল ক্লাবে কোকৰাঝাৰ প্ৰবীণ ফুটবল ক্লাব দলক ৩-০ গোলৰ ব্যৱধানত পৰাভূত কৰে।

বাইচুং ভূতিয়াই বলত কিক মাৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে। এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাই মুখ্য অতিথি ৰূপে উপস্থিত থাকে। অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা গুৱাহাটীৰ সাংসদ কুইন ওঝা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ক্রীড়া সঞ্চালক ধর্মকান্ত মিলি সৰু ছাইৰ আঞ্চলিক সঞ্চালক সুভাষ বসুমতাৰীয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। একেটা অনুষ্ঠানত ফুটবলৰ মক্কা ৰূপে খ্যাত স্পেইনত খেলাৰ বাবে নিৰ্বাচিত হোৱা প্রথম গৰাকী ভাৰতীয় খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰা অসমৰ কবিৰ নাথৰ হৈ তেওঁৰ মাতৃ ডঃ গীতি বৰুৱা নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত জনপ্ৰিয় গায়ক দেৱজিত বৰাই গীত পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে।