নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ জানুৱাৰী : সমগ্ৰ দেশজুৰি ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত বন্ধ থাকিব বেংক সমূহ। সপ্তাহত পাঁচ দিন কাম, দৰমহা পুনৰ নিৰ্ধাৰণ, বেংক সমূহত বন্ধ হৈ থকা নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ, ঠিকা ভিত্তিত বেংক সমূহত কৰ্মৰত কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিভিন্ন দাবীৰে ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত বেংক কৰ্মচাৰী সকলে বেংক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।

সমগ্ৰ দেশৰ লগতে উত্তৰ পুনৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেংক কৰ্মচাৰী সকলে এই ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই বেংক সমূহ বন্ধ ৰাখিছে। মহানগৰী গুৱাহাটীৰ বেংক সমূহৰ সন্মুখত পুৱাৰে পৰা কৰ্মচাৰী সকলে বেংক বন্ধ ৰাখি বেংক কৰ্মচাৰী সকলৰ বিভিন্ন দাবী পূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাটাও বেংক কৰ্মচাৰী সংগঠনে আহ্বান জনোৱা এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বেংক কৰ্মচাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গান প্ৰদান কৰি অতি শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

বেংক কৰ্মচাৰী সকলৰ দাবী অতি শীঘ্ৰে পূৰণ কৰা নহলে অহা ১১, ১২ আৰু ১৩ মাৰ্চত বেংক কৰ্মচাৰী সকলে পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰাৰ হুংকাৰ প্ৰদান কৰে। যদি চৰকাৰে বেংক কৰ্মচাৰী সকলৰ দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।