নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ জানুৱাৰী : ছুপ্ৰীম ক’ৰ্টত খাৰিজ কৰা হৈছে নিৰ্ভয়াৰ দোষীসকলৰ অন্যতম মুকেশ সিঙৰ আৱেদন । এতিয়া চূড়ান্ত হ’ল মুকেশ ফাঁচি কাঠত নিৰ্ধাৰিত সময়ত উঠাটো ।

অপৰাধী মুকেশে ৰাষ্ট্ৰপতিয়ে দয়া প্ৰাৰ্থনা খাৰিজ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ প্ৰত্যাহ্বান জনাই আৱেদন কৰিছিল।

বুধবাৰে সৰ্বোচ্ছ আদালতে এই আৱেদন খাৰিজ কৰাৰ পিছত টিপ্পণী দিয়ে যে এই আৱেদনৰ কোনো মেৰিট নাই। জেলৰ ভিতৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল মুকেশৰ অধিবক্তাই।

মুকেশ আৰু অধিবক্তাই ফাঁচি স্থগিত কৰিবলৈ চলোৱা সকলো প্ৰচেষ্টা অৱশেষত ব্যৰ্থ হ’ল।

উল্লেখযোগ্য যে, দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টে জাৰি কৰা নতুন ডেথ ৱাৰেণ্ট অনুসৰি ১ফেব্ৰুৱাৰীৰ পুৱা ৬বজাত নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষী বিনয়, অক্ষয়, মুকেশ আৰু পৱনক তিহাৰৰ তিনি নম্বৰ জেলত ফাঁচিকাঠত ওলমোৱা হ’ব।