গোঁসাইগাঁৱত অগ্নিদগ্ধ হৈ নিহত দুই শিশু

In ৰাজ্য
Umra Package

মীৰ জিয়াউৰ ৰহমান

গোঁসাইগাঁও

৫ জানুৱাৰী

গোঁসাইগাঁৱৰ কচুগাঁওত ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় দুই শিশু। চোতালত মৰাপাটৰ খৰিৰ মাজত খেলি থকা অৱস্থাত সংঘটিত হয় অগ্নিকাণ্ড।

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ কচুগাঁৱত মঙলাবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুটি শিশু অগ্নিদগ্ধ হৈ থিতাতে নিহত হয়। জানিব পৰা মতে পুৱাৰ ভাগত শিশু দুটি ঘৰৰ চোতালত থকা মৰাপাটৰ খৰিৰ মাজত লুকা-ভাকু খেলি আছিল। শিশু দুটি মৰাপাটৰ খৰিৰ মাজত লুকাই থকা অৱস্থাত মৰাপাটৰ খৰিত হঠাৎ জুইৰ সূত্ৰপাত হয়। জুইৰ সূত্ৰপাত হোৱাৰ সময়ত ঘৰত কোনো লোকে উপস্থিত নাছিল। মৰাপাটৰ জুয়ে ভয়াবহ অগ্নিকাণ্ডৰ ৰূপ ধাৰণ কৰাত শিশু দুটি চিঞৰ-বাখৰ আৰম্ভ কৰে। শিশু দুটিৰ চিঞৰ শুনি কিছু নিলগত থকা কেইজনমান লোক দৌৰি আহি জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও ইতিমধ্যে শিশু দুটি অগ্নিদগ্ধ হৈ নিহত হয়।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। অগ্নিদগ্ধ হৈ নিহত হোৱা শিশু দুটি অমিন্দ্ৰ কিস্কুৰ চাৰি বছৰীয়া কন্যা আৰ্চিনা কিস্কু আৰু সোম দেমব্ৰমৰ পাঁচ বছৰীয়া পুত্ৰ মনিৰাম হেমব্ৰম।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu