ঘৰতে বনাইছিল জাল নোট : আৰক্ষীৰ অভিযানত উদ্ধাৰ হ’ল ১ লাখ ৮৬ হাজাৰ ৮০০ টকাৰ জাল নোট

In ৰাজ্য
Umra Package

গৰ্গ জ্যোতি দাস

অভয়াপুৰী

২২ মে’

অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ হয় ১ লাখ ৮৬ হাজাৰ ৮০০ টকাৰ জাল নোট। এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে জাল নোটখিনি। ঘৰতে জাল নোট বনাইছিল লোকজনে। আৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন কৰে লোকজন।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জাল নোট জব্দ কৰিবলৈ সক্ষম হয়। অভয়াপুৰী আৰক্ষী আৰু মেৰেৰচৰ আৰক্ষীয়ে এক গোপন খৱৰৰ ভিত্তিত টুপকাচৰৰ আবু বক্কৰ চিদ্দীকি নামৰ এজন লোকৰ ঘৰত অভিযান চলাই ১ লাখ ৮৬ হাজাৰ ৮০০ টকাৰ জাল নোট জব্দ কৰে।

আৰক্ষীৰ অভিযানৰ খবৰ পাই আবু বক্কৰ চিদ্দীকি পলায়ন কৰিবলৈ সক্ষম যদি আবু বক্কৰ চিদ্দীকিৰ পত্নীক আৰক্ষীয়ে আটক কৰি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ইফালে জাল নোট ব্যৱসায়ৰ মূল অভিযুক্ত আবু বক্কৰ চিদ্দীকিক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu