ফজলুৰ ৰহমান

সোণতলী

২২ অক্টোবৰ

দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে ভূমি কেন্দ্ৰীক ভয়ংকৰ মাৰপিট। মাৰপিটত আহত সোণতলীৰ জাওকাটা গাঁৱৰ শিশুসহ পাঁচ গৰাকী মহিলা। আহত মহিলা সকলৰ ভিতৰত এগৰাকী অন্তসত্তা। ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ মহিলা সকলৰ ওপৰত আক্ৰমণ।

দক্ষিণ কামৰূপৰ সোণতলীৰ জাওকাটা গাঁওত ভূমি কেন্দ্ৰীক বিবাদকলৈ সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ গাজিবৰ ৰহমান, কাজিম উদ্দিন, আব্দুল ছাত্তাৰ, আব্দুল ৰহমান, আমিন হেলাল, ওমৰ আলী, আমিনুল ইছলাম, জালাল উদ্দিন, মোতালেব আলী, মুল্লুক চান, পল চান নামৰ লোক সকলৰ দলে মহিলা সকলক ঘৰৰ ভিতৰত আৱদ্ধ কৰি মাৰপিট কৰাৰ ফলত এটি শিশুসহ পাঁচ গৰাকীকৈ মহিলা গুৰুত্বৰভাৱে আহত হৈছে। আহত মহিলা আনোৱাৰা বেগম, ছুকজান নেছা, ছজিৰণ নেছা, নাজমিন ছুলতানা লগতে চাৰি বছৰীয়া শিশু আনোৱাৰ হুছাইন সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। আহত মহিলাৰ ভিতৰত এগৰাকী মহিলা অন্তসত্তা বুলিও জানিব পৰা গৈছে। অন্তসত্তা মহিলা গৰাকীৰ সোঁ হাতখন ভাঙি যোৱাৰ ফলত মহিলা গৰাকীক অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতললৈ প্ৰেৰণ কৰা হৈছে।গাঁৱৰে ছকিৰণ নেছা নামৰ এগৰাকী মহিলা আহত হোৱা মহিলাৰ সকলৰ ঘৰৰ ওচৰত ছাগলী আনিবলৈ গৈ ঘৰৰ ভিতৰত মহিলা সকলক আৱদ্ধ কৰি আক্ৰমণকাৰী পুৰুষৰ দলটোৱে মাৰপিট কৰি থকা প্ৰত্যক্ষ কৰি মহিলা গৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰাত আক্ৰমণকাৰী দলটোৱে ছকিৰণ নেছাকো মাৰপিট কৰে।

পৰৱৰ্তী সময়ত ছকিৰণ নেছা নামৰ মহিলা গৰাকীয়ে মাৰপিট কৰা পাঁচ জন লোকৰ নামত সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইফালে এজাহাৰ দাখিল কৰিবলৈ অহা ছকিৰণ নেছাক আৰক্ষী দূৰব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ছকিৰণ নেছাই। আক্ৰমণকাৰী দলটোৰ নামত সোণতলী আৰক্ষী চকীত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপিত হৈছে।