চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী‌ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

In ৰাজ্য
Umra Package

ইমৰান আলীৰ সৈতে শ্বাহনাৱাজ আহমেদ

ডিব্ৰুগড়

৭ ছেপ্টেম্বৰ

চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা৷ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি মাইজান চাহ বাগিচাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

শ্ৰমিকৰ ওপৰত ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ দৰে শোষণ চলোৱা অসম কোম্পানী অধীনৰ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০ আগষ্টত আটছাৰ ডিব্ৰুগড় শাখা আৰু মাইজান উপ-শাখাই এসপ্তাহৰ সময়সীমা বান্ধি দি কেইবাটাও দাবীসম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল বাগিচাৰ কৰ্তৃপক্ষক৷ আনহাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমস্যাৰ সমাধানৰ ব্যৱস্থা নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰিছিল ছাত্ৰ সংগঠনটোৱে৷ ইয়াৰ পিছতে ২৮ আগষ্টত সহস্ৰাধিক শ্ৰমিকক লৈ আটছাৰ ডিব্ৰুগড় শাখা আৰু মাইজান উপ-শাখাই মাইজান চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি দুই ঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ আনহাতে সোমবাৰে পুনৰ মাইজান চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত আটছাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে, বছৰ বছৰ ধৰি চাহ বাগিচাখনৰ আৱাসগৃহসমূহ জৰাজীৰ্ণ অৱস্থাত আছে৷ শ্ৰমিকৰ আৱাসগৃহ মেৰামতি কৰাৰ দাবীত বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ কেৱল সেয়াই নহয় বাগিচাখনৰ চিকিৎসালয়খনো মেৰামতি কৰিবলৈ আহৰি পোৱা নাই বাগিচা কৰ্তৃপক্ষই৷ বাগিচাখনত আজিলৈকে এজন চিকিৎসক নিযুক্তি দিব নোৱাৰিলে৷ বাগিচাৰ শ্ৰমিকৰ বিপক্ষে কাম কৰি ঔপনিৱেশিক শোষণ চলাই অহাৰ অভিযোগ তুলিছে আটছাই৷ ইফালে বাগিচাখনত এখন এম্বুলেন্সো যোগান নধৰা বিষয়টোক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে৷ তদুপৰি মাইজান চাহ বাগিচাত খালি হৈ থকা পদসমূহত স্থানীয় শিক্ষিত নিবনুৱাক সংস্থাপন দিয়া, বান ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা, ভূমিপট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আদি দাবীসমূহ উত্থাপন কৰে৷

আনহাতে আটছাৰ দাবীসমূহ সমাধান নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে৷ উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাইজান উপ-শাখাৰ সভাপতি বিৰাজ ভূমিজ আৰু সম্পাদক হৰিকান্ত চাৱাছীয়ে৷

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu