নৱজোতি বৰুৱা

চামগুৰি

৮ অক্টোবৰ

বিগত চাৰি বছৰ ধৰি ক্ষতিপূৰণ লাভ কৰা নাই কৃষকে। হাতীয়ে ধান খাই নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ বিচাৰি কৃষকৰ অনুৰোধ বন বিভাগলৈ। ঋণ লৈ খেতি কৰা কৃষকৰ মাজত হাহাকাৰ।

নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত হাঁহচৰা বৰালীগাঁৱৰ খেতি পথাৰ সমূহত নিশা হ’লেই নামি আহে জাকে জাকে বনৰীয়া হাতী। একো একোটা জাকত থকা ১৫-২০ টা হাতীয়ে এফালৰ পৰা পথাৰৰ ধান খাই নষ্ট কৰি পেলাই বিঘাই বিঘাই ধানৰ পথাৰ। বিগত চাৰি বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ ফলত চামগুৰিৰ হাঁহচৰাৰ বৰালীগাঁৱৰ কৃষক সকলে সম্মুখীন হৈ আহিছে বৃহৎ লোকচানৰ।

প্ৰতিনিশাই বনৰীয়া হাতীৰ জাকে চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই মানুহৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি লগতে খেতি পথাৰৰ ধান খাই খেতি পথাৰ নষ্ট কৰা কৃষক সকলে এতিয়া বন বিভাগৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে যদিও বন বিভাগে ক্ষতিপূৰণ কেতিয়া দিব ইয়াৰ কোনো নিশ্চয়তা নাই। চাৰি বছৰ পুর্বে বনৰীয়া হাতীয়ে পথাৰৰ ধান খাই নষ্ট কৰাৰ ক্ষতিপুৰণ আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই কৃষক সকল।

এনে সময়ত বিভিন্ন চৰকাৰী-বেচৰকাৰী বেংক আৰু প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ খেতি কৰা কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ঋণ লৈ মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা চামগুৰিৰ হাঁহচৰা বৰালীগাঁৱৰ কৃষক সকলৰ পথাৰত প্ৰতিনিশাই চলা বনৰীয়া হাতীৰ তাণ্ডৱৰ বৃহৎ লোকচানৰ সম্মুখীন হোৱা কৃষক সকলে এতিয়া মূৰে-কপালে হাত দিছে।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতি পথাৰ সমূহ ৰক্ষা কৰিবলৈ কৃষক সকলে বন বিভাগকক দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক সকলে। এতিয়া হাঁহচৰা বৰালীগাঁৱৰ কৃষক সকলে অতি শীঘ্ৰে তেওঁলোকৰ পূৰ্বৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ খেতি পথাৰ সমূহ বনৰীয়া হাতীৰ উপদ্ৰৱ পৰা ৰক্ষা কৰিবলৈ বন বিভাগক দাবী জনাইছে।