কুন্দন ভৰালী
নগাঁও
১০ অক্টোবৰ

চিলনী চোৰ সকলৰ বাবে উপযুক্ত ঠাই নহয় নগাঁও। নগাঁৱৰ ৰাইজৰ হাতৰ পৰা থপিয়াই ধন নিয়াটো সহজ নহয়। আৰক্ষীয়ে নোৱাৰিলেও নগাঁৱৰ ৰাইজৰ হাতৰ পৰা কিন্তু সাৰি যোৱাটো একেবাৰে অসম্ভৱ।

নগাঁও চহৰত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চিলনী চোৰে চহৰখনত চলাই গৈছে সন্ত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ দুই এটা চিলনী চোৰে মাজে সময়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় যদিও নগাঁৱৰ ৰাইজৰ হাতৰ পৰা ধন লুটি নিয়া ইমান সহজ নহয়। শনিবাৰে নগাঁও চহৰত দিনদুপৰতে চাদ্দাম হুছেইন নামৰ এটা চিলনী চোৰে এগৰাকী যুৱতীৰ পৰা মোবাইল ফোন থাপ মাৰি লৈ পলাবলৈ চেষ্টা কৰোতেই ৰাইজে চিলনী চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে কৰায়ত্ত কৰা চিলনী চোৰ চাদ্দাম হুছেইনক আটক কৰে। চাদ্দাম হুছেইনে নগাঁৱত চিলনী চোৰ হ’বলৈ আহি ৰাইজৰ লপাথপা খাই ৰঙাঘৰৰ আলহী হ’ব লগীয়া হ’ল। উল্লেখ্য যে যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখেও এগৰাকী ১৫ বছৰীয়া যুৱতীয়ে এটা চিলনী চোৰক খেদি খেদি আটক কৰি আৰক্ষী গতাই দিছিল। চহৰৰ ধিং গেটত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়া চিলনী চোৰটোক খেদি খেদি আটক কৰিছিল মহিলা গৰাকীৰ ১৫ বছৰীয়া যুৱতী দীক্ষিতা হাজৰিকাই।

যুৱতীৰ মোবাইল ফোন থিপয়াই পলায়ন কৰিবলৈ চেষ্টা চলাই ৰাইজৰ লপাথপা খাই চিলনী চোৰ চাদ্দাম হুছেইন এতিয়া ৰঙা ঘৰৰ আলহী। ভুক্তিভূগি যুৱতী গৰাকীয়ে নগাঁও সদৰ থানাত চিলনী চোৰ চাদ্দাম হুছেইনেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।