চিৰাং

২৯ অক্টোবৰ

চিৰাংত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে। 

বড়ো ভূমিত চিৰাং আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বিশেষ সাফল্য। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। বৃহস্পতিবাৰে পুৱাৰ ভাগত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰ ৰাণিপুৰৰ আমলাইগুৰীত অভিযান চলাই আৰক্ষীয়ে মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। আৰক্ষীয়ে একেখন গাঁৱৰ দুঠাইত অভিযান চলাই পৃথকে পৃথকে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰখিনিত আছে ক্ৰমে দুটা মেগজিনৰ সৈতে এটা একে ৪৭, ৭.৬৫ এম এম সজিৱ গুলী ৫০ টা, এটা পেন পিস্থল। আনহাতে অন্য এঠাইৰ পৰা এটা মেগজিনৰ সৈতে ৯ এম এম কাৰ্বাইন এটা, মেগজিনৰ সৈতে ৭ টাকৈ ৯ এম এম পিষ্টল, দুটা চাইনিজ হেণ্ড গ্ৰেণেড, ২৫ জাই সজিৱ গুলী উদ্ধাৰ কৰে।

চিৰাং জিলা আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত এই যাৱতীয় প্ৰকাশ কৰে জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে। আৰক্ষী অধিক্ষক গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আৰক্ষীয়ে কিছুদিন পূৰ্বে মাটিত অস্ত্ৰ-শস্ত্ৰ পুতি থোৱাৰ তথ‍্য লাভ কৰিছিল আৰু সেই অনুসৰি বুধবাৰে নিশা আৰক্ষী নিশ্চিত হয় আৰু বৃহস্পতিবাৰে পুৱা ৬.৩০ বজাৰ পৰা ৯.৩০ বজালৈ আৰক্ষীয়ে দুঠাইত অভিযান চলাই গাত খান্দি অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা (সদৰ) অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি, জিলা (সদৰ) উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস, ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্মৰ নেতৃত্বত এই অভিযান চলাৰ কথাও জানিবলৈ দিয়ে আৰক্ষী অধিক্ষক গৰাকীয়ে। এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। বিগত সময়ছোৱাত চিৰাং জিলাত সক্ৰীয় হৈ থকা উগ্ৰপন্থি সংগঠন এন ডি এফবিৰ এই সমুহ মাৰণাস্ত্ৰ বুলি সন্দেহ কৰা হৈছে। সংগঠনটোৰ বিৰুদ্ধে চলা সেনা অভিযান আৰু শেষলৈ হোৱা শান্তি চুক্তিৰ পিচত মাটিত পুতি থোৱা বূলি সন্দেহ কৰা হৈছে।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়ো ভূমিত এই ধৰণৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা ঘটনা আৰক্ষীৰ বাবাবে বৃহৎ সফলতা। এই সমূহ অস্ত্ৰ-শস্ত্ৰ যে বিটিচি পৰিষদীয় নিৰ্বাচনত ব‍্যৱহাৰ নহ’লহেতেন সেয়া নুই কৰিব নোৱাৰি বুলিও সন্দেহ কৰিছে বহুতে। ইয়াৰ পুৰ্বেও চিৰাংত বিটিআৰ শান্তি চুক্তিৰ পিচত তিনিবাৰকৈ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা আৰু আৰক্ষীয়ে। জিলাখনত আৰু অধিক মাৰণাস্ত্ৰ উদ্ধাৰ হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। এই ক্ষেত্ৰত সেনা আৰু আৰক্ষীয়ে জিলাখনত গোপনে অব‍্যাহত ৰাখিছে অভিযান।