যোৰহাট, সংবাদ ৩৬৫, ১৩ জুলাইঃ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত শুক্ৰবাৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে। ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ২০ হাজাৰ টকা উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে লোটে ধৰা পেলায়। জানিব পৰা মতে, যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ফাৰ্মাচিষ্ট এজনক উৎকোচ বিচাৰি হাৰাশাস্তি কৰি থকাত ফাৰ্মাচিষ্টগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিছিল আৰু ফাৰ্মাচিষ্টগৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এক অভিযান চলাই যুগল বৰুৱাক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই জিলাখনৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলাই চৰাইদেউ জিলাৰ সাপেখাটীৰ বাসিন্ধা যুগল বৰুৱাক গ্ৰেপ্তাৰ কৰে।