ৰঙিয়া, সংবাদ ৩৬৫, ১৩ জুলাইঃ ৰঙিয়া ৰে’ল ষ্টেচনত শুক্ৰবাৰে আৰপিএফে এক অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আৰপিএফে ৰঙিয়া ৰে’ল ষ্টেচনত নামনিমুৱা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছত তালচি চলাই ইঞ্জিনৰ কাষৰ ডবাৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ সুৰা। আৰপিএফে নিয়মীয়া তালচি চলাওঁতে ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ ইঞ্জিনৰ কাষত থকা ডবাত ৮ টাকৈ বেগ প্ৰত্যক্ষ কৰে আৰু বেগ খোলাৰ পিছত বেগৰ ভিতৰৰ পৰা ৬৫০টা অৰুণাচলত নিৰ্মিত ৰমৰ বটল উদ্ধাৰ কৰে। জানিবলৈ পৰা মতে উদ্ধাৰ হোৱা সুৰাখিনিৰ মূল্য প্ৰায় ৮৫ হাজাৰ টকা হ’ব। আৰপিএফে ৰে’লখনৰ পৰা সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এই অবৈধ সুৰা লৈ অহা ব্যৱসায়ীসকল পলায়ন কৰে। আৰপিএফে সন্দেহ কৰা মতে অবৈধ সুৰা বব্যৱসায়ীয়ে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে এই বৃহৎ পৰিমাণৰ সুৰাখিনি ৰে’ল যুগে আনিছিল।