বাক্সা, সংবাদ ৩৬৫, ১২ অক্টোবৰ: হাজাৰ মিছা কথাৰ ফুলজাৰী জ্বলোৱা চৰকাৰখনে চৰকাৰ গঠনৰ তিনি বছৰ উকলি যোৱাৰ পিছতো ৰাজ্যৰ ৰাস্তা ঘাটৰ কোনো পৰিৱৰ্তন সাধন কৰা পৰিলক্ষিত নহ’ল। ৰাজ্যৰ ৰাস্তা ঘাটৰ অৱস্থা তেনেই শোচনীয়।বাক্সা জিলাৰ তামুলপুৰ-ঘগ্ৰাপাৰটো তেনেই বিধস্ত। তাৰ প্ৰতিবাদতেই শুকুৰবাৰে তামুলপুৰত পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ পশ্চিম তামুলপুৰ বিধ্বস্ত পথটো তামুলপুৰ-ঘগ্ৰাপাৰটো উন্নত কৰাৰ দাবীত শুকুৰবাৰে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ-ঘগ্ৰাপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেডিকেল চকত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ৰাতিপুৱা ১০বজাৰ পৰা দিনৰ ১২বজালৈ ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু আছু নেতা সকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তামুলপুৰ-ঘগ্ৰাপাৰ পথ পুণৰ নিৰ্মাণ কৰক, অসম চৰকাৰ হায়!হায়!, হাগ্ৰামা মহিলাৰী গো বেক, তামুলপুৰৰ বিধায়ক হায়! হায়!, দেৱেন বড়ো মুৰ্দাবাদ, বি টি চি প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায়, আদি শ্লোগান দি ছাত্ৰ-ছাত্ৰী, আছু নেতা আৰু ৰাইজে পথ অৱৰোধথলী উত্তাল কৰি তোলে ৷ এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, তামুলপুৰ মহকুমা ছাত্ৰ সন্থা, তেতলিগুৰী-কালাকুছি বাৰোৱাৰী লক্ষ্মী পূজা সমিতিৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে। পথ অৱৰোধ কাৰ্যসূচীৰ পিছত তামুলপুৰ মহকুমাধিপতিৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী, মুখ্য কাৰ্যবাহী সদস্য, তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক, আৰু জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ ।
![](https://sangbad365.com/wp-content/uploads/2018/10/IMG-20181012-WA0007.jpg)