গুৱাহাটী, সংবাদ ৩৬৫, ১৩ অক্টোবৰ: আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ সন্মুখত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত এখন কংক্ৰীটৰ দেৱাল ক্ষতিসাধন হোৱাৰ লগতে বাহন এখনৰো ক্ষতিসাধন হয় আৰু বৃহৎ গাঁতৰ সৃষ্টি হয়। এই বিস্ফোৰণত চাৰিজন লোক ক্ৰমে শংকু দাস, বিনীতা দাস, টাইফুদ্দীন আহমেদ, কল্পজ্যোতি তালুকদাৰ নামৰ লোক কেইজন আহত হয়। আহত মহিলা এগৰাকীৰ আঙুলি ছিঙি যায়। আহত লোককেইজনক ইতিমধ্যে এম এম চি হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত ইতিমধ্যে মহানগৰ আৰক্ষী শীর্ষ বিষয়া উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।