নৱ জ্যোতি বৰুৱা

চামগুৰি

১১ অক্টোবৰ

নগাঁও জিলাৰ চামগুৰি আৰু পুৰণিগুদামত সংঘটিত হয় দুটাকৈ শোকাবহ ঘটনা। চামগুৰিৰ নীলাপানী হ্ৰদত এজন যুৱক সন্ধানহীন হোৱাৰ পৰিবৰ্তে পুৰণিগুদামত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা।

দেওবাৰে চামগুৰিৰ জনপ্ৰিয় পৰ্যটনস্থলী নীলাপানী হ্ৰদত শোকাবহ ঘটনা সংঘটিত হয়। নিলাপানী হ্ৰদত সাঁতোৰিবলৈ গৈ এজন যুৱক সন্ধানহীন হয়। সন্ধানহীন যুৱকজন গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা বুলি জানিব পৰা গৈছে। ৱিকি কলিতাই দেওবাৰে ৯ জনকৈ সতীৰ্থসহ পুৱাৰ ভাগত বনভোজ খাবলৈ আহিছিল চামগুৰিৰ জনপ্ৰিয় পৰ্যটনস্থলী নীলাপানী হ্ৰদত। গুৱাহাটীৰ যুৱকজন
“অসম কাৰ্বন”ত কৰ্মৰত বুলিও জানিব পৰা গৈছে। নীলাপানী হ্ৰদত যুৱক সন্ধানহীন হোৱাৰ খবৰ পাই ঘটনাস্থলীত চামগুৰি আৰক্ষী আৰু এছ ডি আর এফৰ দল উপস্থিত হৈ সন্ধানহীন যুৱকজনক উদ্ধাৰৰ চেষ্টা চলায়।

আনহাতে সন্ধিয়াৰ ভাগত পুৰণিগুদামত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। পথৰ ওপৰত ৰৈ থকা এখন ট্ৰাকত টেম্পো এখনে খুন্দা মৰাত গুৰুত্বৰভাৱে আহত টেম্পো চালকজন। স্থানীয় ৰাইজে তৎপৰতাৰে সংকটজনক অৱস্থাত টেম্পো চালকজনৰ লগতে দুগৰাকী যাত্ৰীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।