নলবাৰী, সংবাদ ৩৬৫, ১৫ জুলাইঃ নলবাৰীত দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন হোৱাত ছাত্ৰজনক বিচাৰি হাবাথুৰি খাইছে ছাত্ৰজনৰ পিতৃ-মাতৃৰ লগতে আত্মীয়৷ উল্লেখ্য যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত বৰক্ষেত্ৰী বৰ্ণিৰ মইদুল হক নামৰ এজন ছাত্ৰ যোৱা শুক্ৰবাৰৰ পৰা ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে। স্থানীয় বি বি এছ বি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা মজিব আলী আৰু আম্বিয়া বেগমৰ জ্যেষ্ঠ পুত্ৰ মইদুল হক শুক্ৰবাৰে সন্ধিয়া চাৰি মান বজাত ঘৰৰ পৰা সমনীয়া এজনৰ সৈতে ফুৰিবলৈ বুলি ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে। সন্ধিয়া হোৱাত মইদুল ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে আৰু সাম্ভাব্য স্থানত বিচাৰ খোচৰ কৰি একো সম্ভেদ নোপোৱাত নিশাই পৰিয়ালৰ লোকে বেলশৰ থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে পৰিয়াল তথা চুবুৰীৰ লোকে শুক্ৰবাৰৰ নিশাৰে পৰা মইদুলক বিচাৰি হাবাথুৰি খাইছে যদিও বৰ্তমানলৈকে মইদুলৰ কোনো সুংসুত্ৰ লাভ কৰা নাই। আনহাতে, পুত্ৰ শোকত কান্দি কান্দি বাউলি হোৱা পিতৃ-মাতৃয়ে আত্মীয়ক লগত লৈ মইদুলক বিছাৰি ফুৰিছে৷ যদি কোনো ব্যক্তিয়ে মইদুলৰ সন্ধান লাভ কৰে তেন্তে ৯৪৩৫৫৩৬৮৩০ ম’বাইল নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে মইদুলৰ পিতৃ-মাতৃয়ে।