হাউলি, সংবাদ ৩৬৫, ১৬ জুলাইঃ ৰাজ্যত দিনে দিনে সংঘটিত হৈ আহিছে ধৰ্ষণ, হত্যা, লুন্ঠন, দিন ডকাইতি ইত্যাদি ঘটনা। এইবাৰ কাপোৰ ভৰ্তি ট্ৰাকত সংঘটিত হৈছে ডকাইতি। বৰপেটা জিলাৰ হাউলি আৰক্ষী থানাৰ অন্তৰ্গত বৰবলাত ডকাইতি কৰা অৱস্থাত তিনিজন ডকাইত গ্ৰেপ্তাৰ হয় যদিও আন দুজন ডকাইত পলায়ন কৰে। যোৱা ১২ জুনত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, যোৱা ১১ জুনত জগৰনাথ দাস নামৰ ট্ৰাক চালকজনে কলকাতাৰ হাওৰাৰ পৰা কাপোৰ অসমৰ তিনিচুকীয়ালৈ আনি আছিল। পিছত হাউলি আৰক্ষী থানাৰ এলেকাৰ পৰা জগৰনাথ দাস ট্ৰাক চালকজন নিৰুদ্দেশ হয় বুলি তেওঁৰ ভাতৃৰ পৰা জানিব পৰা গৈছে। ঘটনাটোৰ পিছত হাউলি আৰক্ষী থানাৰ অন্তৰ্গত বৰবালাত জগৰনাথ দাসৰ ডব্লিউ বি ২৩ চি ৪০৮২ নম্বৰৰ ট্ৰাক খনত থকা কাপোৰ ডব্লিউ বি ২এ৫ ফ ৩০৯০ নম্বৰৰ ধৃত ডকাইতৰ ট্ৰাকত উঠাই থকাৰ সময়ত আৰক্ষীয়ে নলবাৰী জিলাৰ ঘগ্ৰাৰপাৰৰ চোটা আলিয়া গাঁওৰ শাবান আলী আৰু জাহিদুল আলী, ধুবৰী জিলাৰ বিলাসিপাৰৰ মাছানাঙলাৰ মনোৱাৰ আলী নামৰ ডকাইত তিনিজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজন ডকাইত পলায়ন কৰে আৰু ডকাইতে ব্যৱহাৰ কৰা এ এচ ০১ জেড ৯৮৭১ নম্বৰৰ টাটা ইন্ডিকা আৰু ভুৱা ডব্লিউ বি ২এ৫ ফ ৩০৯০ নম্বৰৰ ট্ৰাক গাড়ীখনো জব্দ কৰে। জগৰনাথ দাসক হত্যা কৰা বুলি তেওঁৰ দাবী কৰে যদিও আৰক্ষীয়ে এতিয়ালৈ জগৰনাথ দাসৰ কোনো শুংসূত্ৰ ওলাব পৰা নাই। আৰক্ষীয়ে ডকাইত তিনিজনক ইতিমধ্যে ৰঙাঘৰত প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।