তামুলপুৰ, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং কালিপুৰ আৰু ভাৰত-ভূটান সীমান্তৰ বগাজুলিত বৃহস্পতিবাৰে এম জি এনৰেগাৰ অধীনত দুখনকৈ উন্নয়নমূলক আঁচনিৰ কামৰ শুভাৰাম্ভ কৰা হয় । নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২ নং কালিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ ভূমি উন্নয়নৰ ১০ লাখ টকীয়া আচঁনি খন বৃহস্পতিবাৰে ৰাতিপুৱা ১০ বজাত এক ১ নং পূৱ কুমাৰীকাটা ভি চি ডি চিৰ অধ্যক্ষ অলাউদ্দিন আহমেদৰ উপস্থিতিত এক মাঙ্গলিক পৰিবেশত শুভাৰম্ভ কৰে নাগ্রীজুলি ব্লক বি পি এফৰ সভাপতি খেম বাহাদুৰ থাপাই। দহ লাখ টকীয়া আঁচনিখন শুভাৰাম্ভ কৰা অনুষ্ঠানটোত নাগ্রীজুলি টি চি এল চি চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত বসুমতাৰী, স্থানীয় যুৱ সমাজকৰ্মী ভক্তবাহাদুৰ লিম্বু, নাগ্রীজুলি ব্লক বি পি এফ আৰু নাগ্ৰিজুলি প্ৰাইমাৰী বি পি এফ সমিতিৰ বিষয়-ববীয়া, নেতা কৰ্মী, স্থানীয় ৰাইজ আৰু লগতে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনৰ বগাজুলিতো বৃহস্পতিবাৰে এম জি এনৰেগাৰ অধীনৰ তিনি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নলা নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰা হয় । ১ নং পূৱ কুমাৰীকাটা ভি চি ডি চিৰ অধ্যক্ষ আলাউদ্দিন আহমেদৰ তত্বাৱধানত নিৰ্মাণ হ’বলগীয়া নলা নিৰ্মাণ আঁচনিখনৰ শুভাৰাম্ভ কৰে নাগ্রীজুলি টি চি এল চি চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত বসুমতাৰীয়ে। ১ নং পূব কুমাৰীকাটা ভি চি ডি চি ৰ অধ্যক্ষ আলাউদ্দিন আহমেদে সাংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ভাৰত-ভূটান সীমান্তৰ বাগজুলিত তিনি লাখ টকীয়া এই নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে বগাজুলি অঞ্চলৰ বিস্তীৰ্ণ কৃষি পথাৰত পানী যোগানৰ ব্যৱস্থা সুচল হব আৰু আৰু এই আঁচনিৰ জৰিয়তে বহু কৃষক পৰিয়াল লাভান্বিত হব।
নাগ্রীজুলি উন্নয়ন খণ্ডৰ অধীনত ভূমি উন্নয়ন আৰু নলা নিৰ্মাণৰ কামৰ শুভাৰাম্ভ
In ৰাজ্য
You may also read!

তামুলপুৰত ছাত্র ছাত্ৰীৰ মৌন সমদল
তামুলপুৰ, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত তামুলপুৰৰ ছাত্র ছাত্ৰীৰ মৌন
Read More...
ভাৰত বিৰোধী মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত মঙ্গলবাৰে নিশা এজনক আটক
খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: পুলৱামা আক্ৰমনৰ পিচতে দেশত ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে কোনো কোনোৱে আকৌ বিৰোধীমূলক মন্তব্য ছচিয়েল
Read More...
নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমালক্ষডে পুৰকায়স্থ উপস্থিত বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী বাসগৃহত
তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীস্থিত পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ মনেশ্বৰ
Read More...