ডিগবৈ, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ: ডিগবৈ বিধান সভা সমষ্টিৰ বি.জে.পি বিধায়ক সুৰেন ফুকনৰ নেতৃত্বত যোৱা ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত হোৱা ৰেগিংৰ অভিযোগ তুলিছে ডিগবৈৰ কংগ্ৰেছ সমিতিয়ে। শুকুৰবাৰে ডিগবৈ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ হাপজান ব্লক কংগ্ৰেছ নিৰ্বাচনী সমিতিৰ। বগাপানী, পাৱৈ, বৰবিল, হানচৰা পঞ্চায়তত ৰেগিং কৰাৰ লগতে কংগ্ৰেছ পাৰ্থিক (বি জে পি)য়ে ভাবুকি তথা প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ। এই কাৰ্য্যত প্ৰশাসনেও (বি জে পি)ক সহযোগ কৰাৰ অভিযোগ ডিগবৈ কংগ্ৰেছৰ। বুধবাৰে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভোটাৰ সকলক ভোট কেন্দ্ৰৰ ভিতৰতে ভোট দিৱলৈ একাংশ (প্ৰিছাইডিং) অফিচাৰ আৰু পুলিং এজেন্টে (বি জে পি)ক ভোট দিবলৈ ভোটাৰ সকলক কৈছিল সেই বিষয়েও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ডিগবৈ কংগ্ৰেছ দলে। উল্লেখযোগ্য যে (বি জে পি)ৰ এনে ধৰণৰ কাৰ্য্যক ধিক্কাৰ দি ডিগবৈ কংগ্ৰেছে ৰেগিং বুলি ক’বলৈ বাধ্য হৈছে আৰু এই সমগ্ৰ ঘটনাবোৰ এক সংবাদমেল যোগেদি জানিবলৈ দিয়ে। লগতে কংগ্ৰেছ দলৰ কো: চেয়াৰমেন মনোজ ধানোৱাৰ কয় যে ২য় পৰ্য্যায়ৰ যি নামনিত হ’বলগীয়া নিৰ্বাচন আছে তাতো এনে ধৰণৰ কাৰ্য্য হ’বলৈ যাতে নেপাই তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ নামনিৰ কংগ্ৰেছ কৰ্মী সকলৰ লগতে সকলোসচেতন ৰাইজক অনুৰুধ জনায় । এই সমগ্ৰ কথা ডিগবৈ কংগ্ৰেছে শুকুৰবাৰে ডিগবৈ ৰাজীৱ ভৱনত এক সংবাদমেল যোগেদি জনাই।