বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ: নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত টুকটুকী গাৱঁৰ আব্দুল বাৰেকৰ পুত্ৰ ইনামুল হুছেইন (১৮) যোৱা ৪ ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে৷ প্ৰাপ্ত খৱৰ মতে, ইনামুল হুছেইন এজন মানসিক বিকাৰগ্ৰস্ত যুৱক আছিল। ৪ ডিচেম্বৰৰ দিনা অনুমানবশত: পুৱা ১১ মান বজাত ইনামুলে ঘৰৰ পৰা ওলাই গৈছিল আৰু সেইদিনাৰ পৰাই ইনামূলৰ আজি পৰ্যন্ত কোনো সম্ভেদ নাই। ইনামুলৰ পৰিয়ালবৰ্গই বহু বিচাৰ-খোচাৰ কৰাত কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই। কোনো সদাশয় লোকে যদি মানসিকভাবে বিকাৰগ্ৰস্ত যুৱক ইনামুল হুছেইনৰ সম্ভেদ পায় তেন্তে ৭৮৯৬১২৯০০৫ নাইবা ৭৮৯৬৯৩০০৩৮ নম্বৰৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ৷