শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৪ জুলাইঃ নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক সফল আৰু কাৰ্যক্ষম কৰিবলৈ মহকুমাধিপতি ৰাজীৱ থাপাই খাদ্য আৰু অসামৰিক যোগান বিভাগ, নাজিৰা আৰু গাঁও পঞ্চায়ত সমবায় সমিতি সমুহৰ সহযোগত অনাগত দিনত কাৰ্যকৰী হোৱাকৈ বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহন কৰিছে।এই উপলক্ষ্যে মঙলবাৰে স্থানীয় মেকিপুৰস্থিত পূজা মণ্ডপত গেলেকী, জোকতলী আৰু নাজিৰা সমবায় সমিতিৰ অধীনস্থ চৰকাৰী সুলভ মুল্যৰ দোকানৰ এজেণ্ট আৰু উক্ত অঞ্চল কেইটাৰ ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰী সকলৰ সুবিধাৰ্থে এক পৰ্য্যালোচনা সভা অনুস্থিত কৰা হয়। সভাত সভাপতিত্ব কৰি অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাই ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৰ লগত জড়িত বিভিন্ন বিষয় যেনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তণ, নতুন যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তি, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী উত্তোলন আৰু বিতৰণৰ সময়ত উদ্ভৱ হোৱা কেতবোৰ সমস্যা, সমবায় সমিতি সমুহে লাভ কৰা কমিচন আৰু পৰিবহন ব্যয় সন্দৰ্ভত চৰকাৰী সুলভ মুল্যৰ দোকানৰ এজেণ্ট আৰু সমবায় সমিতিৰ সম্পাদক সকলৰ লগত আলোচনা কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ মহৎ উদ্দেশ্য সফল কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। অলোচনাত মহকুমাধিপতি গৰাকীয়ে চৰকাৰী সুলভ মুল্যৰ দোকানৰ এজেণ্ট সকলক তেওঁলোকৰ সহায়ক হ’ব পৰাকৈ নগদ ধনৰ লেনদেনৰ পৰিবৰ্তে বেংক একাউণ্ট খুলি বেংকিং ব্যৱস্থাৰ জৰিয়তে সকলো ধৰণৰ লেনদেন কৰিবলৈ নিৰ্দেশ দিয়ে। মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ ৰ অধীনত এফালে অযোগ্য ব্যক্তিৰ নাম কৰ্তণ আৰু আনফালে যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত আগন্তক ১৫ আগষ্টৰ ভিতৰত গাঁও সভাৰ আৰ্হিত এজেণ্ট পৰ্য্যায়ত সভা অনুস্থিত কৰি সিদ্ধান্ত লবলৈ নিৰ্দেশ দিয়ে।একেটা নিৰ্দেশতে আগন্তক ৩১ আগষ্টৰ ভিতৰত যোগ্য আৰু অযোগ্য হিতাধিকাৰীৰ তালিকা দাখিল কৰিবলৈ কোৱা হয়।উপৰোক্ত বিষয় সমুহৰ উপৰিও সভাত চৰকাৰী সুলভ মুল্যৰ দোকানৰ এজেণ্ট সকলৰ লগত মত বিনিময় কৰি এজেণ্ট সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰতো আলোচনা কৰা হয়। উল্লেখ্য যে অহা ইংৰাজী ২৫ জুলাই তাৰিখে আঠখেল আৰু দোপদৰ সমবায় সমিতি আৰু ২৬ জুলাই তাৰিখে গড়গাঁও, ধোপাবৰ সমবায় সমিতি আৰু শিমলুগুৰি আৰু নাজিৰা নগৰৰ এজেণ্ট সকলক লৈ একেধৰণৰ সভা অনুস্থিত কৰা হ’ব। সভাত উপস্থিত থাকি যোগান উপ পৰিদৰ্শিকা মালা কোঁৱৰে সমবায় সমিতিৰ সম্পাদক তথা সুলভ মুল্যৰ দোকানী সকলক ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৰ লগত জড়িত কৰিবলগীয়া বিভিন্ন নিয়মাৱলী সম্পৰ্কে বিশদভাৱে অৱগত কৰে। সভাত মহকুমাধিপতি গৰাকীৰ উপৰিও সহকাৰী আয়ুক্ত অদিতি বৰ্মণ, জনসংযোগ বিষয়া জয়ন্ত মাউত আৰু যোগান পৰিদৰ্শক কামালুদ্দিন আহমেদে সমবায় সমিতিৰ সম্পাদক আৰু চৰকাৰী সুলভ মুল্যৰ দোকানৰ এজেণ্ট সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।