গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : বিজেপিৰ বিধানসভাৰ ১২৬ জন বিস্তাৰক,লোকসভাৰ ১৪জন বিস্তাৰকৰে মুখ্যমন্ত্ৰীৰ বৈঠক । হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক । বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ নেতৃত্ব ।

উক্ত বৈঠকত লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা কৰা হয় । নিৰ্বাচনৰ পিছত বিস্তাৰক সকলক উদ্বুদ্ধ কৰিবলৈ অনুষ্ঠিত কৰা হয় এই গুৰুত্বপূৰ্ণ বৈঠকখন।

ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আৰ পি শৰ্মাৰ ওপৰত ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰীয় নেতৃত্বক জনাব বুলি উক্ত বৈঠকত মন্তব্য কৰে । সাংসদক শ্ব’কজ দিব নোৱাৰে সভাপতিয়ে তাৰ বাবেও নেতৃত্বক জনাব ৰঞ্জিত দাসে । আনহাতে, প্ৰাৰ্থী সকলেও দল বিৰোধী কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে বন্ধ খামত অভিযোগ দিব পাৰিব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

ইয়াৰোপৰি মাছুদ আজহাৰ প্ৰসংগত মন্তব্য মুখ্যমন্ত্ৰীৰ ।
নৰেন্দ্ৰ মোদীৰ এইয়া বৃহৎ কুটনৈতিক জয় । ভাৰতৰ বৈদেশীক নীতিৰ এয়া বৃহৎ সফলতা । সমগ্ৰ বিশ্বই প্ৰধানমন্ত্ৰী মোদীৰ কথা মানি লৈছে । লগতে কয় যে ওড়িশ্যাত আৱদ্ধ হৈ থকা অসমৰ যাত্ৰীক সুকলমে ঘুৰাই অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।