গুৱাহাটী, সংবাদ ৩৬৫, ৭ জুনঃ মহানগৰীৰ পল্টন বজাৰস্থিত ইনফিনিটী স্পা চেণ্টাৰত বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই দেহ ব্যৱসায়ৰ ঘাটি উত্‍খাত কৰে। জানিব পৰা মতে পল্টন বজাৰৰ ইনফিনিটী স্পা চেণ্টাৰত বহুদিনৰ পৰা দেহ ব্যৱসায় চলি থকাৰ এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ অনুসন্ধান শাখাই অভিযান চলাই স্পা চেণ্টাৰটোৰ মালিক অমৰ সিঙসহ ১০ গৰাকী যুৱতী আৰু ৩ জন যুৱকক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত অপৰাধ অনুসন্ধান শাখাই স্পা চেণ্টাৰটোৰ পৰা বহু অপতিজনক সামগ্ৰী জব্দ কৰে। উল্লেখ্য যে স্পা চেণ্টাৰটোৰ ভিতৰত সমাজিক কাম চলি থকাৰ অভিযোগ বহুদিনৰে পৰা উত্থাপিত হৈ আছিল আৰু অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই স্পা চেণ্টাৰটোৰ ভিতৰত চলি থকা দেহ ব্যৱসায়ৰ ঘটিতো উৎসাত কৰে।