পাটাছাৰকুচিত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা

In ৰাজ্য
Umra Package

গুৱাহাটী

১ অক্টোবৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা। বৰপেটা জিলাৰ পাটাছাৰকুচিত গ্ৰেপ্তাৰ দিবন ডেকা। আত্মসমৰ্পণ কৰিবলৈ আহি গ্ৰেপ্তাৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত দিবন ডেকা। বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিবন ডেকাই আত্মসমৰ্পণ কৰাৰ বাবে আৰক্ষীৰ লগত যোগাযোগ চলাই আছিল।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা অৱশেষত গ্ৰেপ্তাৰ হ’ল। বুধবাৰে নিশা দিবন ডেকা আত্মসমৰ্পণ কৰিবলৈ আহোতে বৰপেটা জিলাৰ পাটাছাৰকুচিত আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰ কৰে। দিবন ডেকাৰ পত্নীয়ে এখন এম্বুলেন্সত দিবন ডেকাক আত্মসমৰ্পণ কৰিবলৈ আনি থকা অৱস্থাত বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত নিশাই দিবন ডেকাক কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ কাৰ্যালয়লৈ আন হয়। বৰ্তমান অসম আৰক্ষীৰ কাৰ্যালয়ত দিবন ডেকাক আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। দিবন ডেকাই বুধবাৰে দিনৰ ভাগৰে পৰা আত্মসমৰ্পণ কৰাৰ বাবে আৰক্ষীৰ লগত যোগাযোগ চলাই থকাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

উল্লেখ্য যে অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ অন্য এগৰাকী মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত বৰ্তমানেও পলাত অৱস্থাত আছে। অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তক আৰক্ষীয়ে পলাতক হিচাপে ঘোষণা কৰিছিল।

You may also read!

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা

গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান

Read More...

Mobile Sliding Menu