গুৱাহাটী : অসম প্রদ্রেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ অনুমোদনক্রমে আজি অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নতুন জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্র নিযুক্তি দিয়া হৈছে। সেই অনুসৰি জ্যেষ্ঠ মুখপাত্ৰসকল ক্ৰমে প্রাক্তন সাংসদ দ্বজেন শৰ্মা, প্রাক্তন মন্ত্রী প্ৰদ্যুত বৰদলৈ, বিধায়ক আব্দুল খালেক, ববীতা শৰ্মা, কিশোৰ ভট্টাচাৰ্য্য, অপূর্ব কুমাৰ ভট্টাচাৰ্য্য, ৰমেন বৰঠাকুৰ, প্রাক্তন মন্ত্রী ড° জয়নাথ শৰ্মা, দুর্গাদাস বড়ো আৰু মুখপাত্ৰসকল ক্ৰমে ইক্ৰামুল হুদা, ইমদাদ হুছেইন, ঋতুপর্ণ কোঁৱৰ, দীপন দেৱানজী, প্রফুল্ল কুমাৰ দাস, ৰমন ঝা আৰু সঞ্জু বৰুৱা।