ডিমৰীয়া, সংবাদ ৩৬৫, ২২ আগষ্ট: বিভিন্ন জাতি জনগোষ্ঠীৰ উদ্যোগত প্ৰতি ৫ বছৰৰ মূৰে মূৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী বুঢ়া মালগোসাঁই পূজা উৎসৱ। ডিমৰীয়া ৰাজ্যৰ ধূপগুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰত অন্যবাৰৰ দৰে এইবেলিও ৭ দিনীয়াকৈ আয়োজন কৰা হব ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী বুঢ়া মালগোসাঁই পূজা উৎসৱ। ৭ দিনীয়াকৈ আয়োজন কৰা এই পূজা উৎসৱ বাসুদেৱ নামঘৰ, ঢৌমৰা পাহাৰৰ নামনিত অৱস্থিত ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ ৰাজধানী শিলচাং, ধৰবাম উলনিৰ শ্ৰী শ্ৰী বুঢ়া মালগোঁসাই থানত ভিন্ন ভিন্ন পৰিৱেশত অনুষ্ঠিত হব এই পূজা উৎসৱ। ডিমৰীয়া অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ বজাই ৰখাৰ লগতে অপায় অমঙ্গল নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে প্ৰতি ৫ বছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰা হয় এই উৎসৱ । এই উৎসৱৰ অন্তিম দিনা দেখা যাব এক অলৌকিক পৰিৱেশ । বাঁহেৰে এখন চাঙি তৈয়াৰ কৰি চাৰিজন লোকে কান্ধত লৈ জুঁই-পানীক একাকাৰ কৰি তান্ত্ৰীক মন্ত্ৰৰে সমগ্ৰ অঞ্চল কঢ়িয়াই ফুৰে । পৰম্পৰাগত বুঢ়া মালগোঁসাইৰ এই পৰিভ্ৰমনকালত অঞ্চলটোৰ ৰাইজে নিজ নিজ পদুলিমুখত চাকি-বন্তি-ধূপঃধুনা জ্বলাই গোঁসাইৰ আশীষ গ্ৰহণ কৰে ।
প্ৰাচীন ডিমৰীয়া ৰাজ্যৰ ধূপগুৰিৰ শ্ৰী শ্ৰী বাসুদেৱ নামঘৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী বুঢ়া মালগোসাঁই পূজা উৎসৱৰ আয়োজন
In কলা-সংস্কৃতি
You may also read!

সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন
গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি,
Read More...
১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ
আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল
Read More...
নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ
নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে
Read More...