লক্ষীমপুৰ, সংবাদ ৩৬৫, ২২ আগষ্ট: লক্ষীমপুৰৰ আগছুৰ গোর্খা ভৱনত বুধবাৰে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ সহযোগত এন আৰ চি বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্তব্য কৰে যে যোৱা ৩০ জুলাইত প্ৰকাশিত ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত নাম বাদ পৰা গোর্খা নাগৰিক সকলক কোনো ধৰণৰ শংকিত নহবলৈ আহ্বান জনায়। লগতে তেওঁ ভাষণত কৈ যে প্ৰকৃত ভাৰতীয় গোর্খা সকলক বিদেশী নাগৰিকৰ দৰে ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিকৰ শাৰীত ধৰি গোর্খা সকলক চৰকাৰে অপমান কৰিছে বুলিও মন্তব্য কৰে।স্থানীয় শিক্ষক তথা সমাজকৰ্মী হেমচন্দ্ৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠীত হোৱা এই সজাগতা সভাত তিনি শতাধিক ৰাইজ অংশগ্ৰহন কৰাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ জিলা তথা কেন্দ্ৰীয় নেতা কৰ্মীও উপস্থিত থাকে ।