গোৱালপাৰা, সংবাদ ৩৬৫, ২৬ মে’ : গোৱালপাৰা জিলাৰ বলবলাৰ অন্তৰ্গত ২০ খনতকৈও অধিক গাঁও বানৰ পানীত প্লাবিত। বানৰ পানীৰে বাসগৃহ প্লাৱিত কৰি পেলোৱাত ৰাজপথত আশ্ৰয় ল’বলৈ বাধ্য বহু লোক। চৰকাৰ, জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ।

বিগত কিছুদিন ধৰি অসমৰ লগতে উত্তৰ পূৱৰ ৰাজ্য সমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানপানীয়ে ভয়াবহ ৰূপ লোৱাৰ দিশে অগ্ৰসৰ হৈছে। ইতিমধ্যে ৰাজ্যৰ ৭ খনকৈ জিলা বানপানীয়ে প্লাবিত কৰিছে। মেঘালয়ত হৈ থকা ধাৰাসাৰ বৰষুণৰ পানী নামি অহাৰ গোৱালপাৰা জিলাত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে। বিশেষকৈ জিলাখনৰ বলবলাৰ অন্তৰ্গত ২০ খনতকৈও অধিক গাঁও মেঘালয়ৰ পানীয়ে প্লাবিত কৰিছে।ফফঙাগাঁও পঞ্চায়তৰ অন্তৰ্গত বলবলাত জিনাৰী নৈৰ পানীয়ে উটুৱাই পেলাইছে কালপানী, চান্দামাৰী, টুকৰা, বৰমহৰা, খগ্ৰামাৰী আৰু পাযাবান্দাৰ বহু অঞ্চল। বলবলাৰ অন্তৰ্গত এই গাঁও সমূহ জিনাৰী নৈৰ পানীয়ে উটুৱাই পেলোৱাত বহু লোক এতিয়া গৃহহীন হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বহু লোকে আশ্ৰয় ল’বলৈও বাধ্য হৈছে। বাসগৃহ পানীৰ তলত ডুব যোৱাত ৰাইজ ঘৰৰ ভিতৰতে সকলো সামগ্ৰী এৰি প্ৰয়োজনী কিছু সামগ্ৰী লৈ ওলাই আহিবলৈ বাধ্য হোৱাত বানাক্ৰান্ত ৰাইজ খাদ্য সংকটত পৰা বুলিও জানিব পৰা হৈছে। ইফালে বনাক্ৰান্ত ৰাইজৰ থকাৰ ল’বলৈ সময় নাই চৰকাৰ, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক এ কে ৰোচিদ আলমৰ। ৰাইজে বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা বিধায়ক গৰাকী ৰাইজৰ এই দুর্বস্থাৰ সময়ত সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। বিধয়াক এ কে ৰোচিদ আলমক বানাক্ৰান্ত ৰাইজে সমালোচনা কৰি কয় আগন্ত নিৰ্বাচনত বিধয়াক এ কে ৰোচিদ আলম তেওঁৰ এই নিষ্ক্ৰিয় ভূমিকাৰ সঠিক উত্তৰ পাব।

বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ ৭ খন জিলাৰ ২২৯ খনতকৈও অধিক গাঁও প্লাবিত কৰিছে। বানপানীৰ ফলত বৰ্তমানলৈকে ৰাজ্যত ১ লাখ ৯৪ হাজাৰতকৈও অধিক লোক প্ৰভাৱিত হৈছে। প্ৰথমটো বানত গোৱালপাৰা জিলা সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে।