বিশ্বৰ বুকুত অসমৰ নাম উজ্বলোৱাৰ উদ্দেশ্যেৰে চীন দেশলৈ যাত্ৰা অসমৰ ৫ জীয়ৰীৰ লগতে ৩ অসম সন্তান

In ক্ৰীড়াংগন

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যৰ ক্ৰিয়া প্ৰেমীলৈ সুখবৰ। আকৌ বিশ্বৰ বুকুত অসমৰ নাম উজ্বলোৱাৰ উদ্দেশ্যেৰে চীন দেশলৈ ৰাওনা অসমৰ ৫ জীয়ৰীৰ লগতে ৩ অসম সন্তানৰ। চীন দেশৰ ফছান চহৰত অহা ১৬ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া ২০১৮ বৰ্ষৰ এছিয়ান ড্ৰেগণ নাও খেল চেম্পিঅনচিপত ভাৰতৰ ড্ৰেগণ মহিলা নাও খেল দলৰ হৈ প্ৰতিনিধিত্ব কৰিব অসম তথা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচ বায়েক ভনীয়েক অমিয়া কলিতা, বিজুলী কলিতা, দীপান্দিতা কলিতা, হীৰা মণি কলিতা আৰু বিউতী কলিতাই। ভাৰতীয় পুৰুষৰ নাও খেল দলত ছয়গাঁওৰ তিনি জন যুৱকে ভাৰতৰ ড্ৰেগণ নাও খেল দলৰ হৈ খেলৰ সুযোগ লাভ কৰে । এই মহিলা পুৰুষৰ নাও খেলৰ দলটি বুধবাৰেই বৰঝাৰ বিমান বন্দৰৰ পৰা কলিকতালৈ উৰা মাৰি বৃহস্পতিবাৰে কলিকতাৰ পৰা ৰাওনা হ’ব চীনলৈ। পৰম্পৰাগতভাবে যি নাও খেল ভাৰত তথা অসমত চলি আছে সেই নাও খেল জীয়াই ৰাখিব লাগিলে চৰকাৰে নাও খেলুৱৈ সকলোৰ বাবে উন্নত মানৰ নাও যোগান ধৰাৰ লগতে খেলুৱৈ সকলক সহায়ৰ হাত আগ বঢ়াবলৈ দাবী জনাই অসম ড্ৰেগণ নাও খেল খেলুৱৈ সকলে। চীন দেশত অনুস্থিত হ’বলগীয়া ড্ৰেগন নাও খেলত উজ্বলাই আহক নিজৰ দেশৰ লগতে অসমৰ নাম সেয়াই কামনা সকলোৰে।

Comments

comments

You may also read!

পথ দুৰ্ঘটনাত নিহতসকলক সোঁৱৰী ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন

গুৱাহাটী, সংবাদ ৩৬৫,১৭ নৱেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল

Read More...

নাৰেংগীত পানীৰ টেংকিৰ পৰা উদ্ধাৰ এটা হাতী

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ : দেওবাৰে পুৱাই বনাঞ্চলৰ পৰা জনবসতিপূৰ্ণ অঞ্চললৈ পোৱালিৰে সৈতে এটা হাতী ওলাই আহি পানী

Read More...

কৃষ্ণ ওৰফে লাডেনৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ : কিছুদিন পূৰ্বে গোৱালপাৰাত সন্ত্ৰাস চলোৱা লাডেন নামৰ বনৰীয়া হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম

Read More...

Mobile Sliding Menu